‘সৰস্বতী’ ডঃ নিৰ্মলপ্ৰভা বৰদলৈক নলবাৰী জিলা সাহিত্য সভাৰ স্মৰণ  

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২ জুনঃ 

ডঃ নিৰ্মলপ্ৰভা বৰদলৈয়ে অসমীয়া গীতি- সাহিত্যক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান যুগৰ পৰা যুগলৈ জিলিকি থাকিব । তেওঁ ঔপন্যাসিক হ’লেও তেওঁৰ জীৱনটোও আছিল মহাকাব্যিক । এইগৰাকী শিক্ষাবিদ, মহীয়সী নাৰী আৰু কিছুদিন জীয়াই থাকিলে অসমীয়া ভাষা-সাহিত্যৰ বেদীলৈ অধিক উল্লেখনীয় সম্পদ আগ বঢ়ালেহেঁতেন । এই মন্তব্য নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাৰ । ১জুন মঙলবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ স্মৃতি দিৱস উপলক্ষে শিক্ষা, সাহিত্য, লোকসংগীতৰ সাধকগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শৰ্মাই ভাষণ প্ৰদান কৰে।ভাষণত তেওঁ  অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সম্পাদক,অসম আন্দোলনৰ এগৰাকী অগ্ৰণী নেতা ৩০ মে’ত দেহাৱসান হোৱা সমীৰণ বৰদলৈ এগৰাকী দুৰন্ত সাহিত্য সংগঠক বুলি দোহাৰি বৰদলৈয়ে অসম সাহিত্য সভালৈ আগবঢ়োৱা অৰিহনাৰ বিষয়ে কয় । নলবাৰী জিলা সাহিত্য সভাৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত আয়োজিত এই অনুষ্ঠানৰ আঁত ধৰি উদ্দেশ্য ব্যাখ্যাৰে নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱায়ো সৰস্বতী খ্যাত ডঃ নিৰ্মলপ্ৰভা বৰদলৈৰ শিক্ষা, লোকসংগীত  আৰু সাহিত্য জগতলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে কয় । অনুষ্ঠানত নলবাৰী জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক ডঃ অনুপম কলিতা, কবি জয় চন্দ্ৰ শৰ্মা আৰু সাহিত্যসেৱক নৱদীপ বৰকটকীয়ে নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি নিবেদন কৰে ।

Your Comments