শিৱসাগৰত হিমালয়ান গ্ৰীফন প্ৰজাতিৰ শগুন উদ্ধাৰ

Pic

#শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই,১জুন: শিৱসাগৰ জিলাৰ পশ্চিম কোঁৱৰপুৰ মৌজাৰ অন্তৰ্গত সাউদৰ চুকৰ বুদ্ধেশ্বৰ হাজৰিকাৰ বাসগৃহৰ চৌহদত এটি হিমালয়ান গ্ৰীফন প্ৰজাতিৰ শগুন উদ্ধাৰ কৰা হয়। অঞ্চলটোৰ সচেতন লোকে ঐশ্বৰ্য ভূঞাৰ জৰিয়তে বিহংগম প্ৰকৃতি সুৰক্ষা সংস্থাক খবৰ দিয়াৰ পিছত তৎকালীনভাৱে সংস্থাৰ সম্পাদক ঋতু প্রিয়ম আৰু নবীন বুঢ়াগোহাঁই উপস্থিত হৈ শগুণটো উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত শগুনটো বহু বছৰ ধৰি শগুন সংৰক্ষণৰ বাবে ওত:প্ৰোতভাৱে কাম কৰি অহা "ব'ম্বে হিষ্ট্ৰী এণ্ড নেচাৰেল ছ'চাইটি" (B.H.N.S)ৰ সহায়ত শিৱসাগৰ বন বিভাগক চমজাই দিয়া হয়। শগুশটো উদ্ধাৰ কৰাৰ সময়ত উপস্থিত থকা B.H.N.S. ৰ সদস্য হেমন্ত বুঢ়াগোহাঁইয়ে জনোৱা মতে, শগুনটোয়ে বাওঁফালৰ পাখিখনত আঘাত পোৱাৰ লগতে বহুদিন ধৰি অহাৰ গ্ৰহণ কৰিব পৰা নাই বাবে দুৰ্বল হৈ উৰিব নোৱৰা হয়। শগুনটোক অৱশেষত বিহংগম প্ৰকৃতি সুৰক্ষা সংস্থা আৰু BHNSৰ সহযোগত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।

Your Comments