অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক সমীৰণ বৰদলৈৰ মৃত্যুত বকো সাহিত্য সভাৰ শোক প্ৰকাশ

#বকোৰ পৰা বিষ্ণু ৰাম দাস: 

অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত প্ৰাক্তন প্ৰধান সম্পাদক তথা মৃত্যুৰ আগ মুহূৰ্তলৈকে সমাজৰ হিতকাৰী সেৱাৰ লগত জড়িত থকা যোৰহাট জিলাৰ তৰাজানৰ ১নং সোনাৰী গাঁঁৱৰ প্ৰবীণ সাহিত্যিক তথা জেষ্ঠ্য সমাজকৰ্মী সমিৰণ বৰদলৈৰ যোৱা ২৯ মে'ত দেহাৱসান ঘটে।সুদীৰ্ঘ দিন ধৰি অসম সাহিত্য সভাৰ লগত জড়িত সমীৰণ বৰদলৈৰ মৃত্যুত বকো সাহিত্য সভায়ো গভীৰ শোক প্ৰকাশ কৰিছে।অসম সাহিত্য সভাৰ কাৰ্য্যকৰী সদস্য ড: গণেশ্বৰ চহৰীয়া,বকো সাহিত্য সভাৰ সভাপতি সুৰেণ চন্দ্ৰ কলিতা,সম্পাদক বিজয়া ডেকা চহৰীয়াই জনোৱা মতে বৰদলৈৰ বিয়োগত মৰ্মাহত হৈছে।মৃতকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালৰ সকলোকে সমবেদনা জ্ঞাপন কৰিছে।ইফালে,বকো প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰ উপৰিও বহু কেইজন শিল্পীয়ে সমীৰণ বৰদলৈৰ বিয়োগত শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰে।

  

Your Comments