হাজোৰ দিহিনাত সাতশ পৰিয়ালৰ মাজত মাক্স-চাবোন বিতৰণ

Pic

বিশেষ প্ৰতিবেদক,হাজো:

সমগ্ৰ ৰাজ্যতে ক'ৰ'না মহামাৰীৰ সংক্ৰমণ অব্যাহত থকাৰ সময়তে হাজো উন্নয়ন খণ্ডৰ অন্তৰ্গত শ্বহীদ সত্যনাথ গাওঁ পঞ্চায়তে ৰাইজৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ লগতে মাক্স,চাবোন আদি বিতৰণ কৰে।পঞ্চায়তখনৰ সচিব মুকুট কুমাৰে জনোৱা মতে, ক'ৰ'না মহামাৰীৰ সময়ত পঞ্চায়তখনৰ গৰীৱ পৰিয়ালে এতিয়াও টকা-পইচাৰ অভাৱত অতি দৰকাৰী মাক্স এখনো গোটাব পৰা নাই।সেয়ে এইসকল লোকৰ সহায়ক হোৱাকৈ পঞ্চায়তখনৰ প্ৰায় সাত শ পৰিয়ালৰ মাজত মাক্স,হেণ্ড ছেনিটাইজাৰ আৰু চাবোন বিতৰণ কৰে।লগতে পোন্ধৰশ পৰিয়ালক প্ৰদান কৰাৰ পৰিকল্পনা গ্ৰহণ কৰাৰ কথা তেওঁ প্ৰকাশ কৰে।

এই বিতৰণ কাৰ্যসূচীত শ্বহীদ সত্যনাথ পঞ্চায়তৰ সভানেত্ৰী মাধৱী মালাকাৰ,আঞ্চলিক সদস্য ৰিজু তালুকদাৰ প্ৰমুখ্যে পঞ্চায়তৰ সদস্য আৰু কৰ্মীসকল উপস্থিত থাকে।

Your Comments