বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ ঘগ্ৰাপাৰত খাদ্য সামগ্ৰী,মাস্ক,ছেনিটাইজাৰ বিতৰণ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩০ মে':
  
সেৱাই সংগঠন মূল নীতি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে সেৱাই সংগঠন নীতিৰ আধাৰত নলবাৰী সমষ্টিৰ বিভিন্ন অঞ্চলৰ লগতে ঘগ্ৰাপাৰতো বিধায়ক জয়ন্ত মল্ল বৰুৱাই খাদ্য সামগ্ৰী, মাস্ক, চেনিটাইজাৰ বিতৰণ কৰে।বিধায়কগৰাকীয়ে আজি প্ৰথমে ঘগ্ৰাপাস্থিত বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ অন্তৰ্গত আকনা বুথত অনুষ্ঠিত  কাৰ্যসূচীত অংশগ্ৰহণ কৰি ক'ৰ'না আক্ৰান্ত পৰিয়ালসমুহৰ মাজত খাদ্য-সামগ্ৰী,মাস্ক,চেনিটাইজাৰ।বিতৰণ কৰে।ইয়াৰ পিছতে বিধায়ক বৰুৱাই উক্ত মণ্ডলৰ অন্তৰ্গত ভিঠামহল,কেহেৰুৱাতো একেটা কাৰ্যসূচী ৰূপায়ণ কৰে।

ইফালে বিধায়কগৰাকীয়ে সংবাদ মাধ্যমৰ আগত ভাৰতীয় জনতা পাৰ্টীৰ উদ‍্যোগত আজি এই বৰ্ষপূৰ্তি উপলক্ষে নলবাৰী জিলা ৭০ খন গাঁৱত খাদ্য সামগ্ৰী বিতৰণ কৰিব বুলি সদৰী কৰে।  বিধায়কগৰাকীয়ে লগতে সমগ্র অসমৰ লগতে নলবাৰী ড্ৰাগছ মুক্ত হোৱাৰ  উপৰিও গৰু চিণ্ডকেট বন্ধ হ'ব বুলি মন্তব‍্য কৰে।

বিধায়কগৰাকীৰ আজিৰ এই কাৰ্যসূচীত  সংগ দিয়ে নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকন, ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ,সম্পাদক দিপেন কলিতা,নন্দলাল চৰকাৰ,বড়িগোগ বনভাগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,বড়িগোগ বনভাগ অ'বি চি মৰ্চাৰ সভাপতি ৰঞ্জিত  দাস,উপ-সভাপতি দ্বিজেন দাস,নলবাৰী জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া টংকেশ্বৰ দাস,বিজেপি নেতা কুলদ্বীপ কলিতা,হেমেন ভৰালী, ভ্ৰমৰ মজুমদাৰ,তপন কলিতা,সুকুমাৰ লহকৰ আদিয়ে অংশগ্ৰহণ কৰে।

Your Comments