নলবাৰীত জৈন সমাজ আৰু ছাত্র সন্থাৰ উদ‍্যোগত নলবাৰী ক'ভিড পজিটিভ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩০ মে':

মহামাৰী ক'ভিডৰ দ্বিতীয় ঢৌ,ৰাজ্য চৰকাৰে জাৰি কৰিছে মিনি লকডাউন।ইফালে  নলবাৰী জিলাত দিনক-দিনে বৃদ্ধি হৈ আছে  ক'ভিড আক্ৰান্ত ব্যক্তি।ঠিক সেই সময়তে আজি  জৈন সমাজ,নলবাৰীৰ উদ্যোগত আৰু সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ সহযোগত  জিলাখনৰ বালিতাৰা,কটৰা,ক্ষুদ্ৰবিষ্টুপুৰ , চেংনৈ গাঁঁৱৰ ৫০ টা দুখীয়া ক'ভিড আক্ৰান্ত পৰিয়ালক চাউল,আলু,দাইল,মিঠাতেল,পিয়াঁঁজ,চাবোন,চেনিটাইজাৰ,মাস্ক বিতৰণ কৰাৰ লগতে পৰিয়ালসমূহৰ খা-খবৰ লয়।

উক্ত কাৰ্যসূচীত জৈন সমাজ নলবাৰীৰ ডাঃ ৰাকেশ জৈন, অনিল জৈন,মুকেশ জৈন,অজিত জৈন,সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ উপ-সভাপতি উৎপল কলিতা,সাধাৰণ সম্পাদক অক্ষয় ডেকা,সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা, পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ সহ: সাধাৰণ সম্পাদক শংকৰ কলিতা আৰু জৈন সমাজ,নলবাৰীৰ বিষয়ববীয়াসকল উপস্থিত থাকে।

Your Comments