ঘগ্ৰাপাৰৰ চতমাত সাংসদ দিলীপ শইকীয়াৰ খাদ্য সামগ্ৰী,মাস্ক বিতৰণ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,৩০ মে':

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰৰ বিজেপি চৰকাৰৰ সপ্তম বৰ্ষপূৰ্তি উপলক্ষে ১১ নং দেহাৰকুছি গাঁঁও পঞ্চায়তৰ অন্তৰ্গত চতমাত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই সেৱামূলক কাৰ্য্যসুচীত কোভিড আক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ লগতে মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰে।

উল্লেখ্য যে সেৱামূলক কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ সফলতাৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে ডিচেম্বৰ মাহৰ ভিতৰত ১৮ বছৰৰ উৰ্ধৰ সকলোকে মহামাৰী ক'ৰ'নাৰ প্ৰতিষেধক প্ৰদান কৰা হ'ব বুলি মত প্ৰকাশ কৰে।আজি এই কাৰ্য্যসূূচীত সাংসদগৰাকীৰ লগত উপস্থিত থাকে নলবাৰী জিলাৰ উপায়ুক্ত গীতিমণি ফুকন,ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি ডাঃ মৃগাংক তালুকদাৰ,বড়িগোগ বনভাগ মণ্ডলৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,নলবাৰী জিলা পৰিষদৰ সভাপতি নিতুল ডেকা,ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য পংকজ ডেকা,দেহাৰকুচি গাঁও পঞ্চায়তৰ সভাপতি যোগেশ্বৰ শৰ্মাৰ লগতে দলৰ বিভিন্ন বিষয়ববীয়া আৰু কৰ্মীসকলে।অনুষ্ঠানটোৰ আঁত ধৰে বড়িগোগ বনভাগ মন্ডল বিজেপিৰ সম্পাদক মৃগেন শৰ্মাই।

 

Your Comments