ছয়গাঁও আৰু বকো আৰক্ষীৰ ড্ৰাগছ বিৰোধী ধাৰাবাহিক অভিযান

Pic

*গৰৈমাৰীৰ পুখুৰীপাৰ আৰু জোৰশিমূলীত ড্ৰাগছসহ তিনি কুখ্যাত ব্যৱসায়ীক আটক*

#বকোৰ পৰা বিষ্ণু ৰাম দাস:

এতিয়া ৰাজ্যৰ সৰ্বত্ৰে ড্ৰাগছৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ মাৰাথান অভিযান ৷ এই ক্ষেত্ৰত পিচ পৰি থকা নাই ছয়গাঁও আৰু বকো আৰক্ষীও ৷ অব্যাহত ৰাখিছে ড্ৰাগছৰ বিৰোধী  অভিযান ৷ বিশেষকৈ বিগত এসপ্তাহ ধৰি বকো আৰু ছয়গাঁও আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে দিনে-নিশাই চলাইছে অভিযান ৷ ২৮ মে'ত ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত আৰক্ষীৰ দলে গৰৈমাৰীৰ পুখুৰীপাৰ স্বাস্থ্য কেন্দ্ৰৰ চ'কত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক কৰে দুটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক ৷ ধৃত ড্ৰাগছ ব্যৱসায়ী দুটা গৰৈমাৰীৰ ৰজৱ আলী আৰু ইছলাম বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য, ব্যৱসায়ী দুটাৰ পৰা ছয়গাঁও আৰক্ষীয়ে ২৫ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰৰ লগতে এ এচ ২৫ আৰ ৪০০৬ নম্বৰৰ  খন স্কুটী আৰু নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ ইফালে, বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জিত কুমাৰ ৰয়ৰ নেতৃত্বত বকো আৰক্ষীয়ে চলোৱা ধাৰাবাহিক অভিযানত ২৮ মে'ত ছয়গাঁও সমষ্টিৰ মধ্য জোৰশিমুলীৰ পৰা আটক কৰা হয় আব্দুল আৱাল নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক । জোৰশিমূলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া বিষ্ণু প্ৰসাদ গয়াৰীৰ সহযোগত বকো আৰক্ষীয়ে আটক কৰা  ড্ৰাগছ ব্যৱসায়ীটোৰ পৰা জব্দ কৰে ১৬ টা ড্ৰাগছৰ কন্টেইনাৰ । উল্লেখ্য, দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায়ত জড়িত এই কুখ্যাৎ ড্ৰাগছ ব্যৱসায়ী আব্দুল আৱাল ৷

Your Comments