কোভিড আতংক আৰু প্ৰশাসনৰ সান্ধ্য আইনৰ মাজতে বকোত গৰু চোৰৰ উপদ্ৰৱ

#বকোৰ পৰা বিষ্ণু ৰাম দাস: ৰাজ্যত সম্প্ৰতি কোভিড আতংকই দৰিদ্ৰ জনসাধাৰণক জুৰুলা কৰাই নহয় তীব্ৰ অৰ্থনৈতিক সংকটত পেলাইছে। চৰকাৰৰ দ্বাৰা ঘোষিত কোভিড প্ৰট'কল মানি সান্ধ্য আইন অনুসৰি জনতা গৃহবন্দী হৈ থকাৰ সময়তে কামৰূপ জিলাৰ বকোত চোৰৰ উপদ্ৰৱ তীব্ৰতৰ হৈছে। উল্লেখ্য যে ২৮ মে'ৰ নিশা বকো আৰক্ষী থানাৰ অন্তৰ্গত বালাপাৰাত গৰু চোৰে দুটাকৈ পৰিয়ালৰ ঘৰৰ পৰা চুৰি কৰি নিয়ে গৰু। ইফালে পৰিয়ালৰ লোকে জনোৱা অনুসৰি ক'ৰ'না মহামাৰীৰ আতংকৰ বাবে চৌদিশে সান্ধ্য আইন চলি থকাৰ বাবে গাঁঁৱত মানুহৰ চলাচল বন্ধ হৈ পৰে। এই সুযোগতে নিশা চোৰে গোহালীৰ পৰা এটা হালোৱা গৰু আৰু এজনী গাই গৰু লৈ যায়। বালাপাৰাৰ দৰিদ্ৰ সীমাৰেখাৰ তলৰ খেতিয়ক কালিচৰণ দাসৰ এটা হালোৱা গৰু আৰু ৰুচী দাসৰ গোহালীৰ পৰা এজনী গাই গৰু চোৰে লৈ উধাও হয়। অতি দৰিদ্ৰ পৰিয়াল দুটাৰ দুটা গৰু চোৰ হোৱাত দুখত ভাঙি পৰিছে। পৰিয়ালৰ লোকে জনোৱা মতে অকল হালোৱা গৰুটোৰ মূল্য হ'ব প্ৰায় ত্ৰিশ হাজাৰ টকা আৰু গাই গৰুজনীৰ মূল্য হ'ব পোন্ধৰ হাজাৰ টকা। আনহাতে, চুবুৰীয়া লোকে জনোৱা মতে নিশা দূৰ-দূৰণিৰ পৰা অচিনাকী গাড়ী আৰু অচিনাকী দুৰ্বৃত্তই গাঁঁৱত টিঘিল-ঘিলাই ঘূৰি ফুৰে। ক'ৰ'না সজাগতা অনাৰ প্ৰট'কল মানি ৰাইজে বন্দী হৈ পৰে গৃহত।এই ক্ষেত্ৰত অঞ্চলটোৰ সচেতন নাগৰিকে বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰিবলৈ প্ৰশাসনক আহ্বান জনাইছে।

Your Comments