নলবাৰীৰ পিছত কামৰূপত প্ৰৱেশ কৰিলে ঘগ্ৰাপাৰৰ ক'ভিড যোদ্ধা নাছিকুৰ ৰহমানে

Pic

*গাঠিৰ ধন ভাঙি ঋণ লৈ কভিড সংক্ৰমণ ৰোধৰ বাবে বিনামূলীয়া চেনিটাইজেশ্বন*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

সমগ্ৰ বিশ্বত কভিডৰ দ্বিতীয় ঢৌৰ আতংক চলি থকাৰ সময়ত নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ চাইকেল মেকানিক তথা ক'ভিড যোদ্ধা নাছিকুৰ ৰহমানৰ বিনামূলীয়া চেনিটাইজেশ্বন।নলবাৰী জিলাৰ বিভিন্ন ৰাজহুৱা অনুষ্ঠান-প্ৰতিষ্ঠানত যোৱাবেলিৰ দৰে এইবেলিও  বিনামূলীয়া চেনিটাইজেশ্বন কৰি ২৯ মে'ত নলবাৰীৰ বাহাৰঘাট অঞ্চলৰ বেংক,নামঘৰৰ,মন্দিৰ আদিত চেনিটাইজেশ্বন কৰাৰ লগতে কামৰূপত প্ৰৱেশ কৰিলে কভিড যোদ্ধা গৰাকী।নলবাৰী আৰু কামৰূপ সীমান্তৱৰ্তী হাজো সমষ্টিৰ অন্তৰ্গত বৰপুল্লাত আজি দোকান-পোহৰ,মন্দিৰ-নামঘৰ আদি বিভিন্ন ৰাজহুৱা অনুষ্ঠানত ছেনিটাইজেশ্বেন কৰে।জীৱনক তুচ্ছ জ্ঞান কৰি ক'ভিড ৰোগীৰ ঘৰে ঘৰে গৈ ছেনিটাইজেশ্বন কৰা নাছিকুৰ ৰহমানে আজিলৈকে স্বাস্থ্য বিভাগ,স্থানীয় গাঁও পঞ্চায়ত,ব্লক আৰু স্থানীয় জনপ্ৰতিনিধিৰ পৰা আজিলৈকে কোনোধৰনৰ আৰ্থিক সঁহাৰি পোৱাটো দূৰৈৰ কথা,কোনো ধৰণৰ অভিনন্দনো পোৱা নাই বুলি জানিবলৈ দিয়ে।ক্ষুদ্ৰ চাইকেল মেকানিকৰ কাম কৰি কোনোমতে পৰিয়াল পোহপাল দিয়া নাছিকুৰ ৰহমানে নিজৰ গাঠিৰ ধন ভাঙি ঋণ  লৈ জনসাধাৰণৰ বাবে সুৰক্ষা প্ৰদান কৰি আহিছে।

Pic

যোৱাবেলি চৰকাৰে কোনোধৰনৰ গুৰুত্ব নিদিয়া ক'ভিড যোদ্ধা নাছিকুৰ ৰহমানক এইবাৰ বিজেপি চৰকাৰ আৰু নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাই গুৰুত্ব দিবনে,সেয়া সময়তহে ওলাই পৰিব ।

Your Comments