ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ জখলাবন্ধা আৰক্ষীৰ

Pic

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

দুই ড্ৰাগ্‌ছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কলিয়াবৰৰ জখলাবন্ধা আৰক্ষীৰ।

কলিয়াবৰত জখলাবন্ধা আৰক্ষী নিৱেশৰ আৰক্ষী বিষয়া উদয়ক বসুমতাৰীৰ নেতৃত্বত চলিছিল এই অভিযান।

যোৱা ২৮ এপ্ৰিলত আৰক্ষীৰ চকুত ধূলি দি পলাই যোৱা কৃষ্ণ দাস আৰক্ষীৰ জালত পৰে। দীৰ্ঘদিন ধৰি ড্ৰাগ্‌ছ সৰবৰাহত জড়িত থকা ৰমজান হামজাও আৰক্ষীৰ জালত।

দীৰ্ঘদিন ধৰি কলিয়াবৰৰ জখলাবন্ধাত ড্ৰাগ্‌‌ছৰ বেহা মেলা ড্ৰাগ‌ছ সৰবৰাহকাৰী কৃষ্ণ দাসক শুকুৰবাৰে নিশা জখলাবন্ধাৰ শেনচোৱাৰ নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

কৃষ্ণ দাসৰ স্বীকাৰোক্তিৰ ভিত্তিত চামগুৰিৰ বগামূৰৰ পৰা ৰমজান হামজাক গ্ৰেপ্তাৰ কৰে।

কৃষ্ণ দাসে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি মতে,চামগুৰিৰ বগামুৰৰ ৰুবুল ইছলামৰ পৰা ব্ৰাউন চুগাৰ আনি জখলাবন্ধাত বিক্ৰী কৰে।

তদুপৰি, বহুকেইজন ড্ৰাগ্‌ছ সেৱনকাৰীৰ নাম আৰক্ষীৰ আগত অৱগত কৰে।

আনজন গ্ৰেপ্তাৰ হোৱা বগামূৰৰ ৰমজান হামজা ইয়াৰ পূৰ্বেও ২০২০ত ড্ৰাগ্‌ছ সৰবৰাহ কাণ্ডত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

হামজাইও চামগুৰিৰ বৰমাৰ মফিদুল ৰহমানৰ পৰা ড্ৰাগ্‌ছ সংগ্ৰহ কৰি বিক্ৰী কৰে।

Your Comments