সাপ্তাহিক প্ৰাপ্য বিচাৰি শালনা চাহ বাগিচাৰ শ্ৰমিকৰ প্ৰতিবাদ

Pic

#কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ,২৮ মে':

শালনা চাহ বাগিচাৰ শ্ৰমিকে কাৰ্য্যালয় ঘেৰাও কৰি সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ।

কেইবা শতাধিক চাহ শ্ৰমিকে আজি পুৱাই বাগিচাৰ কাৰ্য্যালয় ঘেৰাও কৰি নিজ সাপ্তাহিক প্ৰাপ্য বিচাৰি উত্তপ্ত কৰি তোলে বাগিচাৰ কাৰ্য্যালয়ৰ চৌহদ।

শালনা চাহ বাগিচাৰ পৰিচালকগৰাকীয়ে চাহ শ্ৰমিকসকলক সপ্তাহৰ বিপৰীতে ১৫ দিনৰ মূূৰত ধৰমহা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতেই শ্ৰমিকসকলে আজি এনে পৰিস্থিতিৰ সৃষ্টি কৰে ।

চৰকাৰে বান্ধি দিয়া SOP অনুসৰি চাহ শ্ৰমিক সকলে ১১ বজাৰ লগে লগে কাম বন্ধ কৰাত পৰিয়াল চলাবলৈ বহু অসুবিধাৰ সৃষ্টি হয় ।

তাৰ পিছতেই বাগিচাৰ পৰিচালকগৰাকীৰ এনে সিদ্ধান্তৰ বিৰোধিতা কৰি শ্ৰমিকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।

অসম চাহ জনজাতি ছাত্ৰ সন্থা 'আটছা'ৰ এটি দল উপস্থিত হোৱাতহে পৰিস্থিতিৰ শাম কাটে।

অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে বাগানৰ শ্ৰমিকসকলৰ বিভিন্ন সমস্যাৰ সমধান কৰিবৰ বাবে বাগিচাৰ মূখ্য পৰিচালকগৰাকীক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

Your Comments