ঘগ্ৰাপাৰৰ ৰ্নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজ পৰিদৰ্শন নতুন জিলা উপায়ুক্তৰ

Pic

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ: 

নলবাৰী সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ নিৰ্দেশ মৰ্মে ২৭ মে'ত নৱনিযুক্ত নলবাৰী জিলা উপায়ুক্ত গীতিমণি ফুকনে  নিৰ্মীয়মাণ নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে।পৰিদৰ্শনৰ সময়ত মহাবিদ্যালয়খনৰ কাম-কাজৰ অগ্ৰগতি সন্দৰ্ভত বুজ লয়।আনহাতে,চিকিৎসা মহাবিদ্যালয়ৰ আশে-পাশে থকা শস্যভূমিত পানী জমা হৈ থকাৰ পৰিপ্ৰেক্ষিতত কৃষকৰ  বৃহৎ ক্ষতিসাধন হোৱাৰ কথা ৰাইজে জনোৱাৰ লগতে এইবেলি কেনেকৈ ইয়াৰ পৰা মুক্ত হ'ব পাৰে বা কৃষকে অসুবিধাত নপৰে,তাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায়।ইফালে, উপায়ুক্তগৰাকী ঘগ্ৰাপাৰত উপস্থিত হৈ ঘগ্ৰাপাৰৰ পৰা নলবাৰী চিকিৎসা মহাবিদ্যালয় সংযোগী পথ-নলাৰ নিৰ্মাণ  কাৰ্যৰ সমস্যাৰ বুজ লয়। উপায়ুক্তগৰাকীয়ে ঘগ্ৰাপাৰৰ দক্ষিণগাঁওস্থিত নিৰ্মীয়মাণ নলবাৰী মেডিকেল কলেজলৈ যোৱাৰ আগমূহূৰ্তত ঘগ্ৰাপাৰৰ হাইস্কুলৰ সন্মুখত পথ-নলাৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে৷পৰিদৰ্শন কালত ৰাস্তাৰ কাষেৰে যোৱা নলা নিৰ্মাণ সম্পৰ্কে বুজ লয়৷এই সম্পৰ্কত ঘগ্ৰাপাৰ হাইস্কুলৰ সন্মুখেৰে যোৱা ড্ৰেইন আৰু বিদ্যালয়খনৰ  পকী বেৰ সম্পৰ্কত বিদ্যালয় কৰ্তৃপক্ষৰ লগত এক আলোচনাত মিলিত হয়৷ আলোচনা কালত উপায়ুক্ত গৰাকীয়ে বিদ্যালয়ৰ পকী বেৰ ভাঙি দিবলৈ কোৱা কথাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক নাথুৰাম তালুকদাৰ আৰু বিদ্যালয়ৰ পৰিচালনা আৰু উন্নয়ন সমিতিৰ  সভাপতি জগত তালুকদাৰে উপায়ুক্তগৰাকীৰ ওচৰত দাঙি ধৰে যে 'ছেবা'ৰ নিৰ্দেশ মৰ্মে মেট্ৰিক পৰীক্ষাৰ এই কেন্দ্ৰত পকী বেৰ থকাটো নিতান্তই বাঞ্ছনীয়৷সেয়েহে মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ সময়ত পকী বেৰসমূহ ভাঙি দিলে পৰীক্ষাৰ ক্ষেত্ৰত কি বিসংগতি হয়,তাক দাঙি ধৰে৷আকৌ পকী বেৰ নিৰ্মাণত হ'বলগীয়া খৰছ সন্দৰ্ভত ধনৰ কথা উল্লেখ কৰে৷অৱশ্যে এই ক্ষেত্ৰত অতি শীঘ্ৰেই অৱগত কৰিব বুলি উপায়ুক্তগৰাকীয়ে জনায়।উপায়ুক্তৰ পৰিদৰ্শনৰ সময়ত  পথ নিৰ্মাণকাৰী গৌতম কনষ্ট্ৰাকশ্বনৰ অভিযন্তা,কৰ্মচাৰী,গড়কাপ্তানি বিভাগৰ বিষয়া,স্বাস্থ্য বিভাগৰ বিষয়া বড়িগোগ মণ্ডল বিজেপিৰ সভাপতি ডিম্বেশ্বৰ বেজবৰুৱা,সম্পাদক মৃগেন শৰ্মাৰ লগতে বিজেপিৰ কৰ্মকৰ্তা,পঞ্চায়ত প্ৰতিনিধি উপস্থিত আছিল ৷

Your Comments