বকোৰ জৱেপাৰাত মহিলাক হত্যা

Pic

#বকোৰ পৰা বিষ্ণু ৰাম দাস,২৭ মে': 

কামৰূপ জিলাৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত জৱেপাৰাত যোৱা নিশা এগৰাকী মহিলাক হত্যা কৰাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি গণেশ ৰাভা নামৰ এজন ব্যক্তিয়ে নিজৰ শাহুয়েকক হত্যা কৰে। 

জানিব পৰা মতে সাবিত্ৰী বড়ো নামৰ প্ৰায় ৫০ বছৰীয়া মহিলাগৰাকীক গণেশ ৰাভাই যোৱা নিশা কাজিয়াৰ সূূত্ৰপাত ঘটাই  ডিঙিত বাঁহেৰে মাৰধৰ কৰে আৰু আঘাত গুৰুতৰ হয়।লগে লগে ঘৰৰ মানুহে মহিলাগৰাকীক ততাতৈয়াকৈ বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনে যদিও চিকিৎসা চলি থকাৰ সময়তে সাবিত্ৰী বড়োৰ মৃত্যু হয়। ঘটনা সম্পৰ্কে খবৰ পোৱাত বকো আৰক্ষী থানা ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী ৰাভাক কৰায়ত্ব কৰিবলৈ সক্ষম হয়। বৰ্তমান হত্যাকাৰীক বকো আৰক্ষী থানাত ৰখা হৈছে বুলি জানিব পৰা গৈছে। 

জানিব পৰা মতে হত্যাকাৰী আৰু মৃত মহিলা সাবিত্ৰী বড়ো সম্পৰ্কত শাহু আৰু জোঁঁৱাই।

 

Your Comments