হাজোৰ ডিঙাৰাত তেজেৰে তুমুৰলি অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

Pic

#বিশেষ প্ৰতিবেদক,হাজো,২৭ মে':

সমগ্ৰ ৰাজ্যতে অব্যাহত আছে সান্ধ্য আইন।এই সান্ধ্য আইনৰ মাজতে বিভিন্ন ঠাইত সংঘটিত হৈছে হত্যা, হিংসা, ধৰ্ষণৰ দৰে অপৰাধজনিত ঘটনা।তেনে এক সময়তে আজি হাজোৰ ডিঙাৰাত ৰহস্যজনক অৱস্থাত তেজৰে তুমুৰলি অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। ডিঙি কটা অৱস্থাত ডিঙাৰা গাঁৱৰ বাঁঁহনিৰ মাজত উদ্ধাৰ হোৱা যুৱকজন হ'ল বিশ্বজিৎ কলিতা (৩০)।বাঁঁহনিৰ মাজত তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে।মৃতদেহৰ কাষত এপাত চোকা অস্ত্ৰও উদ্ধাৰ কৰিছে আৰক্ষীয়ে।ঘটনাস্থলীত উপস্থিত হোৱা কঞা আৰক্ষীয়ে মৃতদেহটো চমজি লৈ মৰণোওৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।মৃত যুৱকজন পেছাত এজন মিস্ত্ৰি আছিল বুলি জানিব পৰা গৈছে।

Your Comments