হাজোৰ বামুন্দীত ব্ৰহ্মপুত্ৰৰ প্ৰৱল গৰাখহনীয়া

Pic

*শ শ বিঘা কৃষি ভূমি জাহ গল ব্ৰহ্মপুত্ৰৰ বুকুত*

#বিশেষ প্ৰতিবেদক,হাজো,২৭ মে':

কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত বামুন্দীৰ লাহেশ্বৰীত ব্ৰহ্মপুত্ৰ নৈৰ প্ৰৱল গৰাখহনীয়াই ত্ৰাসৰ সৃষ্টি কৰিছে নৈপৰীয়া কৃষক ৰাইজৰ মাজত।বৃহত্তৰ বামুন্দী-হালোগাও- কয়াটোল অঞ্চলৰ কৃষকসকলে অতি কষ্ট কৰি  উৎপাদন কৰা তৰমুজ,মাকৈ,জিকা,লাও,কোমোৰা,ভেণ্ডি ইত্যাদি খেতিৰ লগতে শ শ বিঘা  কৃষিভূমি ইতিমধ্যে জাহ গৈছে ব্ৰহ্মপুত্ৰৰ বুকুত।খেতিয়কসকলে কৃষিভূমি আৰু উৎপাদিত ফচলসমূহ হেৰুওৱাৰ পিছতে এতিয়া 
ব্ৰহ্মপুত্ৰৰ খহনীয়াই নিদ্ৰা হৰণ কৰিছে বৃহত্তৰ বামুন্দী-হালোগাঁঁও-কয়াটোল অঞ্চলৰ নৈ পৰীয়া কৃষক ৰাইজৰ।কিয়নো কোন সময়ত গোহালিৰ গৰু-ছাগলীৰ লগতে নিজৰ থকা ঘৰকেইটিও ব্ৰহ্মপুত্ৰত জাহ যাব,তাৰ কোনো নিশ্চয়তা নাই।বিগত সময়চোৱাত হোৱা মুষলধাৰ বৰষুণৰ ফলত উফন্দি উঠিছে ব্ৰহ্মপুত্ৰৰ নৈৰ  জলপৃষ্ঠ।তাৰ পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰৰ প্ৰৱল সোতে সৃষ্টি কৰা গৰাখহনীয়াত দিক বিদিক হেৰুৱাই পেলাইছে নৈপৰীয়া কৃষক ৰাইজে। বছৰ বছৰ ধৰি ব্ৰহ্মপুত্ৰ নৈৰ প্ৰৱল খহনীয়াই কৃষকসকলক ভীতিগ্ৰস্ত কৰি আহিছে যদিও গৰাখহনীয়া প্ৰতিৰোধৰ কোনো ব্যবস্থা লোৱা নাই ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগ তথা ৰাজ্য চৰকাৰখনে।এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ নবনিৰ্বাচিত জলসম্পদ   মন্ত্ৰী পিযুষ হাজৰিকাৰ ভূমিকা কি হ'ব,সেয়াহে সময়ত  হ'ব লক্ষণীয় বিষয়।

Your Comments