ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ

Pic

বিজেপি বিধায়নী দলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়নী দলৰ নেতা তথা মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতে ৰাজ্যপালক সাক্ষাৎ ডঃ শৰ্মাৰ।

নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী শৰ্মাক সংগ দিয়ে বিদায়ী মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। চৰকাৰ গঠনৰ প্ৰস্তাৱ লৈ সাক্ষাৎ কৰে ৰাজ্যপাল জগদীশ মুখীক।

সোমবাৰে দিনৰ ১২বজাত নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ যে ৰাজ্যপালক সাক্ষাৎ কৰাৰ সময়ত ড: শৰ্মাৰ সৈতে অসম গণ পৰিষদৰ সভাপতি অতুল বৰা,ইউপিপিএলৰ মুৰব্বী প্ৰমোদ বড়ো,বিজেপি সভাপতি ৰঞ্জিত দাস,দিলীপ শইকীয়া প্ৰমুখ্যে বিজেপিৰ বহুকেইগৰাকী কেন্দ্ৰীয় নেতা উপস্থিত থাকে।

Your Comments