ক'ভিড কেয়াৰ চেণ্টাৰৰ বাবে কাহিলীপাৰাৰ দুমহলীয়া নিজৰ ঘৰটো আগবঢ়াব শিল্পী জুবিন গাৰ্গে

Pic

জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ,পত্নী গৰিমা গাৰ্গ তথা বৃন্দাবন চুপাৰমাৰ্টৰ মহানুভৱতা।ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ কাহিলীপাৰাৰ নিজৰ দুমহলীয়া ঘৰটো দিয়াৰ বাবে আগ্ৰহী বুলি ঘোষণা গৰিমা গাৰ্গৰ।লগতে ক'ভিড সম্পৰ্কীয় কামত ব্যৱহাৰ কৰাৰ বাবে প্ৰশাসনক বৃন্দাবন থিয়েটাৰৰ দুখন ট্ৰাক প্ৰদানৰ বাবে আগ্ৰহী বুুুলিও ফেচবুকত ঘোষণা কৰিছে গৰিমাই।

Pic

উল্লেখ যে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীত শেহতীয়াভাৱে অধিক জটিল হৈ পৰিছে ক'ৰ'না পৰিস্থিতি।তেনে ক্ষণত শিল্পীগৰাকীৰ এনে ধৰণৰ পদক্ষেপে প্ৰমাণ কৰিছে তেওঁৰ মানৱীয়তা।সামাজিক মাধ্যমত এই কথা ঘোষণাৰ লগে লগেই শিল্পীগৰাকীৰ মহানুভৱতাক সকলোৱে প্ৰশংসা কৰিছে।

Your Comments