গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকৰ ভেকচিনেশ্বন শিবিৰ অনুষ্ঠিত

Pic

*মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ১০০সাংবাদিকক ভেকচিন প্ৰদান*

গুৱাহাটী প্ৰেছ ক্লাবত ১৮-৪৪ বছৰ বয়সৰ সাংবাদিকক আজিৰে পৰা প্ৰদান কৰা হৈছে ক'ভিড ভেকচিন।অসম চৰকাৰৰ উদ্যোগত আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহযোগত প্ৰথম দিনা ১০০ গৰাকী সাংবাদিকক প্ৰদান কৰা COVAXIN।মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আৰম্ভ হয় সাংবাদিকৰ ক'ভিড ভেকচিন কেম্প। উল্লেখযোগ্য যে গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সমিতিয়ে সাংবাদিকক ভেকচিন প্ৰদানৰ আহ্বানেৰে ৰাজ্য চৰকাৰলৈ স্মাৰকপত্ৰ প্ৰদান কৰাৰ পিছতেই চৰকাৰে গ্ৰহণ কৰিছে এই পদক্ষেপ।

সাংবাদিকক সন্মুখৰ শাৰীৰ যোদ্ধাৰূপে স্বীকৃতি দি ভেকচিন প্ৰদানৰ ব্যৱস্থা হাতত লোৱাৰ বাবে চৰকাৰ তথা স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনায় গুৱাহাটী প্ৰেছ ক্লাবে।

তাৎপৰ্যপূৰ্ণ যে খবৰৰ সন্ধানত যিসকলে সন্মুখৰ পৰা ক'ভিডৰ বিৰুদ্ধে যুঁঁজ দি আহিছে অৰ্থাৎ বিভিন্ন স্থানলৈ গৈ বা-বাতৰি সংগ্ৰহ কৰা সাংবাদিক,ফটো সাংবাদিক, ভিডিঅ' সাংবাদিকক প্ৰাধান্য দিয়ে প্ৰথম পৰ্যায়ৰ ভেকচিন প্ৰদানত। ইফালে পৰৱৰ্তী পৰ্যায়ত সকলো সাংবাদিকৰ লগতে পৰিয়ালৰ সদস্য সকলকো প্ৰদান কৰিব ভেকচিন।

Your Comments