জয়ৰ আনন্দত বন্দী অখিল গগৈয়ে বিৰিয়ানী বিতৰণ কৰিলে জিএমচিএইছত

Pic

ঐতিহাসিক ১০৮নং শিৱসাগৰৰ সমষ্টিৰ পৰা কাৰাৰুদ্ধ অৱস্থাত বিধানসভালৈ নিৰ্বাচিত হোৱা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত বিতৰণ কৰে বিৰিয়ানী।জয়ৰ আনন্দত কাৰাবন্দী চিকিৎসাধীন গগৈয়ে বিতৰণ কৰে বিৰিয়ানী।

উল্লেখ যে বিগত ১৮মাহ ধৰি নিয়াৰ।হাতত বন্দী হৈ আছে কৃষক নেতাগৰাকী।কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা বিধানসভালৈ বিধায়কৰূপে নিৰ্বাচিত কৰাৰ বাবে শিৱসাগৰৰ সমষ্টিবাসীক ধন্যবাদ তথা শ্ৰদ্ধা জনায় গগৈয়ে।

নতুন চৰকাৰক পত্ৰৰ জড়িয়তে আহ্বান জনাই গৈয়ে কয়-'প্ৰতিজন অসমবাসীক আগন্তুক তিনিমাহৰ ভিতৰত ক'ৰ'নাৰ ভেকচিন প্ৰদান কৰাটো চৰকাৰৰ প্ৰধান দায়িত্ব।'

Your Comments