জি এছ টিৰ আওতালৈ আনিলে ৫৫ টকাতে পেট্ৰ'ল উপলব্ধ হ'ব ভাৰতত : অদীপ কুমাৰ ফুকন 

petrol_

ইন্ধনৰ মূল্যবৃদ্ধি দেশৰ অৰ্থনীতিৰ বাবে এক ভয়াৱহ দিশ ৷ বিকাশৰ প্ৰথমটো বাধাই হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৷ নতুন দিল্লীত মোডী চৰকাৰে দায়িত্ব লোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যৰ হ্ৰাসে কেন্দ্ৰীয় চৰকাৰক আৰ্থিক সকাহ দিয়াৰ লগতে সামগ্ৰিক বিকাশৰ বাবে পদক্ষেপ গ্ৰহণৰ এক সুযোগ দিছিল ৷ খাৰুৱা তেল আমদানি কৰা দেশ হিচাপে ভাৰতৰ ওপৰত বৈদেশিক মুদ্ৰাৰ হেঁচা কমিল ৷ কিন্তু খাৰুৱা তেলৰ মূল্য হ্ৰাৰ লগত সংগতি ৰাখি পেট্ৰ’-পণ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰাত মোডী চৰকাৰে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত নহ’ল ৷ ৬৬ শতাংশ খাৰুৱা তেলৰ মুল্য হ্ৰাস পালে ৷ কিন্তু পেট্ৰ’ল-ডিজেলৰ মুল্য হ্ৰাস কৰি দেশৰ সামগ্ৰিক বিকাশৰ পদক্ষেপ লোৱা পৰলক্ষিত নহ’ল ৷ 


দেশৰ সচেতন সমাজখনৰ দুটা প্ৰশ্ন ৷ পূৰ্বৰ তুলনাত ২০১৪ চনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য ক্ৰমে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে, খাৰুৱা তেল উৎপাদন আৰু মূল্যক লৈ আমেৰিকাই ভূ-ৰাজনৈতিক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব লৈছে ৷ ফলত বিশ্বৰ প্ৰতিখন খাৰুৱা তেল উৎপাদন কৰা ৰাষ্ট্ৰত প্ৰতিযোগিতা আৰম্ভ হৈছে৷ আমেৰিকাই বিশ্বৰ খাৰুৱা তেলৰ বজাৰখন দখল কৰিব বুলি ধাৰণা কৰি ছৌডি আৰব আৰু সংযুক্ত আমিৰী ৰাষ্ট্ৰই খাৰুৱা তেলৰ আন্তৰ্জাতিক বজাৰখন দখলত ৰখাৰ বাবে বাণিজ্যিক কৌশল অৱলম্বন কৰিছে ৷

ফলত ২০১৪ৰ পৰা খাৰুৱা তেলৰ মূল্য হ্ৰাস পাইছিল ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল-ডিজেল তথা পেট্ৰ’ল-পণ্য সামগ্ৰীৰ মূল্য হ্ৰাস নকৰিলে ৷ কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য উচিতভাৱে যদি হ্ৰাস কৰিলহেঁতেন, দেশবাসীয়ে খাদ্য-সামগ্ৰী, পৰিবহণ ব্যয়কে লৈ প্ৰতিটো ক্ষেত্ৰতে সকাহ পালেহেঁতেন ৷ দেশৰ সচেতন সমাজখনৰ দ্বিতীয়টো প্ৰশ্ন হ’ল, কেন্দ্ৰীয় চৰকাৰে দেশত এখনেই কৰ আইন চলিব বুলি ঘোষণা কৰাৰ পিছত পেট্ৰ’ল আৰু ডিজেলক জি এছ টিৰ আওতালৈ অনা নহ’ল কিয় ? যোৱা ১০ বছৰৰ খাৰুৱা তেল, পেট্ৰ’ল আৰু ডিজেলৰ বজাৰ মূল্য কৰিলে স্পষ্ট হৈ পৰে যে মোডী চৰকাৰ দেশবাসীৰ পক্ষত নাই ৷

pet

২০১১, ২০১২, আৰু ২০১৩ চনত এপ্ৰিল মাহত খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ মূল্য আছিল ক্ৰমে ১০৭.৪৬, ১০৯.৪৬, ১০৫.৮৭ মাৰ্কিন ডলাৰ ৷ সেই সময়ত পেট্ৰ’লৰ মূল্য আছিল প্ৰতি লিটাৰত ক্ৰমে ৫৮.৫০ টকা, ৬৫.৬ ০টকা আৰু ৬৬.০৯ টকা ৷ দেশত মোডী চৰকাৰ অহাৰ সময়ৰে পৰা খাৰুৱা তেলৰ হ্ৰাস পাবলৈ আৰম্ভ কৰিলে৷ খাৰুৱা তেলৰ মূল্য ২০১৪, ২০১৫ৰ এপ্ৰিলত আৰু ২০১৬, ২০১৭ৰ জুলাইত হ’ল ক্ৰমে প্ৰতি বেৰেলত ৯৬.২৯, ৪৯.৪৯, ৪০.৬৮ আৰু ৫২.৫১ মাৰ্কিন ডলাৰ ৷ খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ সময়ত দেশত কিন্তু পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধি হোৱাহে পৰিলক্ষিত হ’ল ৷ আৰু ২০১৪, ২০১ ৫,২০১৬ আৰু ২০১৭ত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত হ’ল ক্ৰমে ৭২.২৬ টকা, ৬০.৪৯ টকা, ৫৯.৬৮ টকা আৰু ৬৩.০৯ টকা ৷

২০১৮ চনৰ ৪ ছেপ্টেম্বৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৬৮.৬৭ মাৰ্কিন ডলাৰ হৈ থকা সময়ত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৮১.৬৩ টকা ৷ ডিজেলৰ মূল্যৰ গতিও একে স্তৰৰ ৷ খাৰুৱা তেলৰ মূল্য হ্ৰাস হৈ থকাৰ সময়ত পেট্ৰ’-পণ্য সামগ্ৰীৰ মূল্য হ্ৰাস কৰি দেশবাসীক সকাহ দিয়াৰ পৰিৱৰ্তে মোডী চৰকাৰে দেশৰ ৰাজহ বৃদ্ধি কৰাত বেছি গুৰুত্ব দিয়া পৰিলক্ষিত হ’ল ৷ পেট্ৰ’-পণ্যৰ ওপৰত আৱকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ ২০১৩ত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ১০৫.৮৬ মাৰ্কিন ডলাৰ হৈ থকাৰ সময়ত দেশত পেট্ৰ’লৰ মূল্য আছিল প্ৰতি লিটাৰত ৬৬.০৯ টকা আৰু ডিজেলৰ ৪৮.৬৩ টকা ৷ আবকাৰী শুল্কৰ দ্বাৰা কেন্দ্ৰীয় ৰাজকোষলৈ আহিছিল ৭৭.৯৮২ কোটি টকা ৷

মোডী চৰকাৰৰ দিনত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ পিছতো পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিহে কৰা হ’ল আৰু আবকাৰী শুল্ক বৃদ্ধিৰ দ্বাৰা কেন্দ্ৰীয় ৰাজহ বৃদ্ধিৰ সুযোগ গ্ৰহণ কৰিলে ৷ একেটা সময়ত মোডী চৰকাৰে দেশবাসীকো অধিক সকাহ দিয়াৰ প্ৰয়োজন আছিল ৷ দেশবাসীক অধিক মূল্যত পেট্ৰ’ল-ডিজেল-ৰন্ধন গেছ কিনিবলৈ বাধ্য কৰি মোডী চৰকাৰে আবকাৰী শুল্কৰ দ্বাৰা ২০১৪-১৫ত লাভ কৰিলে ৯৯.১৮৪ কোটি টকা ৷ ২০১৫-১৬ত ১৭৮,৫৯১ কোটি, ২০১৬-১৭ত ২,৪২,৬৯১ কোটি আৰু ২০১৭-১৮ত আবকাৰী শুল্ক বৃদ্ধি কৰি কেন্দ্ৰীয় চৰকাৰে লাভ কৰিলে ২,২৯,০১৯ কোটি টকা ৷ দেশবাসীলৈ কোনো গুৰুত্ব নিদি মোডী চৰকাৰে পেট্ৰ’ল-ডিজেলৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধ কৰি লাভ কৰিলে যোৱা চাৰি বছৰত ৭,৪৯,৪৮৫ কোটি টকা ৷ এই ভয়ংকৰ লুণ্ঠন সৰ্বোচ্চ ছবি ৷

pet

মোডী চৰকাৰৰ প্ৰথম চাৰিটা বছৰত ১১ বাৰ আবকাৰী শুল্ক বৃদ্ধি কৰিলে ৷ প্ৰতি লিটাৰ পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক বৃদ্ধি কৰিলে ১০ টকা আৰু ডিজেলৰ ওপৰত বৃদ্ধি কৰিল ১১.৭৭ টকা ৷ ২০১৪ৰ ১ এপ্ৰিলত প্ৰতি লিটাৰৰ ওপৰত আবকাৰী শুল্ক আছিল ৯.৪৮ টকা ৷ আজি ১৯.৪৮ টকালৈ বৃদ্ধি কৰা হ’ল ৷ একেদৰে ডিজেলৰ ৩.৫৬ টকা ১৫.৩৩ টকালৈ বৃদ্ধি কৰিলে ৷ তথ্যসমূহে প্ৰমাণ কৰে যে কেন্দ্ৰীয় চৰকাৰে জনগণক সকাহ দিব নিবিচাৰে ৷ ২০১৪ৰ এপ্ৰিলত খাৰুৱা তেলৰ দাম প্ৰতি বেৰেলত ৯৬.২৯ মাৰ্কিন ডলাৰ থকাৰ সময়ত প্ৰতি লিটাৰ পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক আছিল ৯.৪৮ টকা ৷ ২০১৬ৰ জুলাইত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত হ’ল ৪০.৬৮ মাৰ্কিন ডলাৰ ৷

কিন্তু মোডী চৰকাৰে আবকাৰী শুল্ক বৃদ্ধি কৰিলে প্ৰতি লিটাৰ পেট্ৰ’লত ২১.৪৮ টকা ৷ খাৰুৱা খাৰুৱা তেলৰ মূল্য কমাৰ ফলত জনগণৰ লাভ নহ’ল ৷ লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰে ৷ দেশৰ সকলো ক্ষেত্ৰত সকলো স্তৰৰ বাবে প্ৰয়োজনীয় পেট্ৰ’-পণ্য সামগ্ৰীৰ গ্ৰাহকসকলৰ পৰা বৃহৎ অংকৰ কৰ আদায় কৰি দেশ পৰিচালনাৰ কৌশল গ্ৰহণ কৰি আহিছে কেন্দ্ৰীয় চৰকাৰে ৷ দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা কেন্দ্ৰীয় ৰাজকোষলৈ শুল্কৰ জৰিয়তে এক বৃহৎ অংকৰ ধন কেন্দ্ৰীয় ৰাজকোষলৈ আহে ৷ প্ৰকৃতাৰ্থত গ্ৰাহকে পেট্ৰ’ল-ডিজেলৰ বাবে ভৰিব লগা দামৰ প্ৰায় অৰ্ধেক ভাগ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে সংগ্ৰহ কৰে ৷ মোডী চৰকাৰে আবকাৰী শুল্ক যদি ৯.৪৮ টকাৰ পৰা ১৯.৪৮ টকালৈ বৃদ্ধি নকৰিলেহেঁতেন, আজি পেট্ৰ’লৰ প্ৰতি লিটাৰৰ মূল্য ৮১.৬৩ টকাৰ পৰিৰৱৰ্তে ৭১.৬৩ টকা হ’লহেঁতেন ৷

কেন্দ্ৰীয় চৰকাৰে কৰ আহৰণৰ পথ মুকলি কৰি ৰখাৰ স্বাৰ্থতে জি এছ টিৰ বাহিৰত ৰাখিছে পেট্ৰ’ল-ডিজেলক ৷  মোডী চৰকাৰে ঘোষণা কৰি অহা মতে, যদি দেশত এখনেই কৰ আইন তথা কৰ আহৰণৰ ব্যৱস্থা হ’ব লাগে, তেনেহ’লে পেট্ৰ’-পণ্যক জি এছ টিৰ আওতাৰ বাহিৰত ৰখা হ’ল কিয় ? ছেপ্টেম্বৰৰ ৪ তাৰিখে খাৰুৱা তেলৰ প্ৰতি বেৰেলৰ মূল্য আছিল ৬৮.৬৭ মাৰ্কিন ডলাৰ ৷ এক বেৰেল মানে ১৫৮.৯৮ লিটাৰ ৷ ৪ ছেপ্টেম্বৰত এক ডলাৰৰ ভাৰতীয় মুদ্ৰাত মূল্য আছিল ৭১.৭৬ টকা ৷ গতিকে এক বেৰেল অৰ্থাৎ ১৫৮.৯৮ লিটাৰ খাৰুৱা তেলৰ ভাৰতীয় মুদ্ৰাৰ মূল্য ৪৯২৭.৭৬ টকা ৷

অৰ্থাৎ এক লিটাৰ খাৰুৱা তেলৰ মূল্য হয় ৩০.৯৯ টকা ৷ শোধনাগাৰত খাৰুৱা তেলৰ পৰা শোধন কৰি পেট্ৰ’ল প্ৰস্তুত কৰাৰ লগতে খাৰুৱা তেলৰ পৰিবহণ ব্যয় হয় প্ৰায় ৮.৩০ টকা ৷ পেট্ৰ’ল বিক্ৰী কৰা ব্যৱসায়ীসকলে প্ৰতি লিটাৰত লাভ কৰা ৬.৩২ টকা ধৰি হয়গৈ (৩০.৯৯+৮.৩০+৩.৬২) ৪২.৯১ টকা ৷ গতিকে কেন্দ্ৰীয় আবকাৰী শুল্ক আৰু ৰাজ্য চৰকাৰৰ কৰ সংলগ্ন নকৰিলে ভাৰতৰ গ্ৰাহকে প্ৰতি লিটাৰ পেট্ৰ’ল ৪২.৯১ টকাতে পালেহেঁতেন ৷ ৪২.৯১ টকাৰ লগত আবকাৰী শুল্ক ১৯.৪৮ টকা ধৰি ৬২.৩৯ টকা আৰু ইয়াৰ ওপৰত অসম চৰকাৰৰ ৩০.৮৫ শতাংশ ভেট লৈ এক লিটাৰ পেট্ৰ’লৰ মূল্য ৪ ছেপ্টেম্বৰত হয় (৬২.৩৯+১৯.২৮) ৮১.৬৩ টকা ৷

pt

এক লিটাৰ পেট্ৰ’লৰ বাবে গ্ৰাহকে দিব লগা ৮১.৬৩ টকাৰ ভিতৰত কেন্দ্ৰীয় আবকাৰী শুল্ক আৰু ৰাজ্য চৰকাৰক ভেট দিব লাগে ৪৭.৪৩ শতাংশ ৷ কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা জি এছ টি ২৮ শতাংশ যদি পেট্ৰ’লৰ ওপৰত ধাৰ্য কৰিলেহেঁতেন, এক লিটাৰ পেট্ৰ’ল ৪ ছেপ্টেম্বৰৰ হিচাপত ৫৪.৯২ টকাতে গ্ৰহকে কিনিব পাৰিলেহেঁতেন ৷ কিন্তু এই হেতেঁন বিলাক কেন্দ্ৰীয় চৰকৰা আতঁৰাই বিচৰা নাই ৷ বৰ্তমানৰ ব্যৱস্থাই কেন্দ্ৰীয় চৰকাৰৰ ৰাজভঁৰাল শক্তিশালী কৰিছে আৰু ৰাজহুৱা খণ্ডৰ লগতে ব্যক্তিগত খণ্ডত তৈল প্ৰতিষ্ঠানৰ লাভৰ অংক বৃদ্ধি হৈছে ৷

২০১৭-১৮ বৰ্ষত ভাৰতীয় তেল নিগমে লাভ কৰিছে ২১,৩৪৬ কোটি টকা আৰু অ’ এন জি চিয়ে লাভ কৰিছে ১৯,৯৪৫ কোটি টকা ৷ একেটা সময়তে ৰিলায়েন্স ইণ্ডিয়া লিমিটেডে ধাৰাবাহিকভাৱে তৃতীয়টো বছৰত লাভ কৰিছে ৩৬,০৭৫ কোটি টকা আৰু টি চি এছে লাভ কৰিছে ২৫,৮৮০ কোটি টকা ৷ দেশৰ গ্ৰাহকৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন অনুভৱ কৰা নাই মোডী চৰকাৰে ৷ এক ভয়ংকৰ ভৱিষ্যতৰ পিনে আমি কিন্তু গৈ আছোঁ ৷

পেট্ৰ’ল-ডিজেলৰ মূল্য আৰু ঊৰ্ধগামী হ’ব ৷ দেশৰ তৈল কোম্পানীসমূহৰ আহ্বানত মোডী চৰকাৰে ২০১৭ চনৰ ১৬ জুনৰ পৰা আন্তৰ্জাতিক বজাৰৰ খাৰুৱা তেলৰ দামৰ লগত সংগতি ৰাখি প্ৰতি দিনে পুৱা ৬ বজাত পেট্ৰ’ল-ডিজেলৰ তথা পেট্ৰ’-পণ্য সামগ্ৰীৰ দাম নিৰ্ধাৰিত কৰা ব্যৱস্থা কৰিলে ৷ দৈনিক পইচা হিচাপে বৃদ্ধি হৈ গ্ৰাহকে গম নোপাৱাকৈ টকাৰ অংকত বৃদ্ধি হয় মূল্য ৷ আমেৰিকাৰ দৰে ভাৰত চৰকাৰেও পেট্ৰ’ল-ডিজেলক ৰাজনীতিত ব্যৱহাৰ কৰিব লৈছে ৷ 

Your Comments