ভোট দিলে অখিল গগৈৰ মাতৃয়ে:"ল'ৰাটোক মুকলি আকাশৰ তললৈ ওলাই অহাত শিৱসাগৰৰ জনতাই সহায় কৰক"-প্ৰিয়দা গগৈ

Pic

মৰিয়নী সমষ্টিৰ বৰগুড়িৰ ২৮৯ নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত পুুুৱাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে।

ভোটদান তেওঁ কয়- "মই মোৰ ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ।শিৱসাগৰবাসীৰ উছাহ-উদ্দীপনা দেখি কাৰাবন্দী অখিলক শিৱসাগৰৰ জনতাই জয়ী কৰাব মই আশাবাদী।"ৰাইজক আহ্বান জনাই তেওঁ কয়- "পুত্ৰ বুলি কোৱা নাই।যদি অখিল উপযুক্ত হয়, তেন্তে ভোট দি ৰাইজে মৰম আৰু আশীৰ্বাদ দিব।ল'ৰাটো মুকলি আকাশৰ তললৈ ওলাই অহাৰ স্বাৰ্থত ৰাইজে সহায় কৰক।"

"শিৱসাগৰৰ জনতাই মোৰ বাবে বহুত কৰিছে।যুৱক-যুৱতীৰ কথা ক'বই নোৱাৰি,অদ্ভুতভাৱে ওলাই আহিছে,ৰাইজেই ৰজা"- লগতে তেওঁ কয়।

"পুৱতি নিশা ৪.৩০ বজাতে টোপনি পৰা সাৰ পাইছোঁ।ভাত খাই ওলাই আহিছোঁঁ।দিনটো শিৱসাগৰত থাকিম।দুপৰীয়া খাবলৈ লৈ আহিছোঁ।আপেল-আঙুৰ গাড়ীতে আছে।হোটেলত খাবলৈ আজি সময় নহ'ব"-বৃদ্ধা মাতৃয়ে এইদৰে কয়।

ভোটাধিকাৰ সাব্যস্ত কৰি কাৰাবন্দী হৈ থকা পুত্ৰই প্ৰাৰ্থিত্ব আগবঢ়োৱা শিৱসাগৰ সমষ্টিলৈ যায় মাতৃ প্ৰিয়দা গগৈ।

Your Comments