"অসমবাসীলৈ আহ্বান 'কা'ৰ বিৰুদ্ধে আঞ্চলিকতাবাদী শক্তিক ভোট দিয়ক":যুৱ-ছাত্ৰ পৰিষদ

Pic

নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত অসমবাসী ভোটাৰলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশেষ আহ্বান । নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা'ৰ সপক্ষত থকা দলৰ বিৰুদ্ধে আঞ্চলিকতাবাদী শক্তিৰ পক্ষত ভোটদান কৰক। জাতীয় সংগঠনটোৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা আৰু সম্পাদক পলাশ চাংমাইয়ে বিজ্ঞপ্তি যোগে জনাইছে এই বিশেষ আহ্বান।

উল্লেখ যে বিজেপি দলে নির্বাচনী ইস্তাহাৰত ইতিমধ্যে 'কা' কাৰ্যকৰী কৰা হ'ব বুলি ঘোষণা কৰিছে।তাক প্ৰতিহত কৰাৰ স্বাৰ্থতে অসমবাসীক বিজেপিৰ বিৰুদ্ধে আঞ্চলিকতাবাদী  শক্তিক ভোটদান কৰাৰ আহ্বান সংগঠনটোৰ।

আনহাতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে 'কা' বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী।সেই অনুসৰি ২৫ মাৰ্চ বৃহস্পতিবাৰে 'কা' বাতিলৰ দাবীত ৰাজ্যজুৰি মটৰ চাইকেল ৰেলী উলিয়াব।

৩ এপ্ৰিলতো সংগঠনটোৱে অসমৰ বিভিন্ন প্ৰান্তত 'কা' বাতিল কৰাৰ দাবীত উলিয়াব মটৰ চাইকেলল ৰেলী।

Your Comments