গুৱাহাটীৰ বিজেপিৰ নির্বাচনী কাৰ্যালয়ৰ সন্মুখত বিজেপি কর্মীৰ উত্তাল প্ৰতিবাদ

Pic

বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সিদ্ধান্তত ক্ষুণ্ণ দলটোৰ তৃণমূল কর্মী।৪৮নং বকো বিধানসভা সমষ্টি অগপক এৰি দিয়াৰ বিৰুদ্ধে বিজেপি কৰ্মীসকলে সাব্যস্ত কৰে প্ৰতিবাদ।

গুৱাহাটীৰ গণেশগুৰিৰ ৰাজ্যিক বিজেপিৰ নিৰ্বাচনী কাৰ্যালয়ত বকো সমষ্টিত বিজেপি প্ৰাৰ্থী প্ৰদান কৰাৰ দাবীৰে প্ৰায় শতাধিক কর্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Pic

'অসম গণ পৰিষদক বকো সমষ্টি কোনো কাৰণত এৰি দিয়া নহ'ব।অগপ নেতা ড° তপন দাসক বকো সমষ্টিবাসীয়ে চিনি নাপায়'-এইদৰে কয় প্ৰতিবাদকাৰীসকলে।

'বকো সমষ্টিত অসম গণ পৰিষদৰ কোনো ভেটি নাই।পঞ্চায়তৰ পৰা আৰম্ভ কৰি জিলা পৰিষদলৈকে বিজেপিৰ দখলত থকা বকো সমষ্টি আমি কেতিয়াও অগপক এৰি নিদিওঁ।যদি অগপ প্ৰাৰ্থীক বকো সমষ্টিত প্ৰাৰ্থি‌ত্ব প্ৰদান কৰা হয়,তেন্তে তেওঁৰ বিৰুদ্ধে থিয় হ’ব বকোৰ বিজেপি কৰ্মীসকল'-এই হুংকাৰ প্ৰদান কৰে বিজেপি তৃণমূল কর্মীসকলে।

Pic

বিজেপি কৰ্মীসকলে অগপ গ' বেক,বকো সমষ্টি লাগিব আদি বিভিন্ন শ্লোগান প্ৰদান কৰে।

Your Comments