বৰম্বৈ আঞ্চলিক হাইস্কুলত বালিকা সুৰক্ষা মঞ্চৰ সজাগতা সভা সম্পন্ন

Pic

বিশেষ প্ৰতিবেদক,হাজো:

তীৰ্থনগৰী হাজোৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰম্বৈ আঞ্চলিক হাইস্কুলত ২৫ জানুৱাৰীত অনুষ্ঠিত হৈ যায় বালিকা সুৰক্ষা মঞ্চৰ এক সজাগতা সভা। বৰম্বৈ আঞ্চলিক হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ডালিমী দাসৰ পৌৰোহিত্বত অনুষ্ঠিত সজাগতা সভাৰ আঁঁত ধৰে বালিকা সুৰক্ষা মঞ্চৰ সমন্বয়ক তথা শিক্ষয়িত্ৰী অনিমা দাসে। শিশু কন্যাৰ স্বাস্থ্য সুৰক্ষা, মাহিলী ঋতুস্ৰাৱৰ জটিলতাৰ পৰা নিজকে বচাবলৈ ল'ব লগীয়া যতন, বৰ্তমানৰ ক'বিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান আৰু অপ্ৰত্যাশিত দুৰ্যোগৰ সময়ত লব লগীয়া সজাগতা সম্পৰ্কীয় বিষয়সমূহৰ প্ৰতি শিশু কন্যাসকলক সজাগ কৰাৰ লক্ষ্যৰে এই সজাগতা সভা অনুষ্ঠিত হৈ যায়। সভাত বৰম্বৈ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ নাৰ্চ জুনু মালাকাৰ আৰু বৰম্বৈ তিনি নং মনাহকুছিৰ অঙ্গনবাড়ী কৰ্মী ইউৰূপা বেগমে শিশু কন্যাসকলক উদ্দ্যেশ কৰি স্বাস্থ্য সম্পৰ্কীয় বিধান আগবঢ়োৱাৰ লগতে পুষ্পিতা হোৱাৰ সময়ৰ পৰা ল'ব লগীয়া যতন সম্পৰ্কে আলোকপাত কৰাৰ উপৰি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে 'ভিটামিন চি'যুক্ত ফলমূল খোৱাটো বাঞ্চনীয় বুলি উল্লেখ কৰে। সভাত অভিভাৱিকা সদস্যা ক্ৰমে নিৰু দাস আৰু হেমলতা দাসে সম্প্ৰতি ক'ৰ'নাৰ ভয়ৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব বজাই ৰাখি মাস্ক পৰিধান কৰিবলৈ শিশু কন্যাসকলক আহ্বান জনায়। সভাত বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ক্ৰমে ৰুমী ডেকা আৰু বিজুলী মজুমদাৰ উপস্থিত থাকে।

Your Comments