গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতাৰে গুৱাহাটী শ্বহীদ ন্যাসত 'আছু'ৰ কলা পতাকা উত্তোলন, কা'ৰ প্ৰতিলিপি দাহ 

Pic

*কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি গুৱাহাটীত উৰিল ক'লা পতাকা*

সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই লতাশিলৰ শ্বহীদ ন্যাসত উত্তোলন কৰিলে ক'লা পতাকা।গৃহমন্ত্ৰী অমিত শ্বাহৰ নলবাৰী-কোকৰাঝাৰ ভ্ৰমণৰ বিৰোধিতা কৰি আছুকর্মীসকলে ৰাজপথত দাহ কৰে নাগৰিকত্ব সংশোধনী আইন- ২০১৯ৰ প্ৰতিলিপি।প্ৰতিবাদত অংশগ্ৰহণ কৰি সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আনোৱাৰ হুছেইনে কয়-কেন্দ্ৰৰ মিথ্যাচাৰ ইয়াত নচলিব।কোনো কাৰণত কৃষি আইন, ই.আই.এ- ২০২০, কা' মানি লোৱা নহব। জেৰঙা পথাৰত শনিবাৰে বিজেপি ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াই আছুক লক্ষ্মণৰেখা অতিক্ৰম নকৰিবলৈ কৰা সকীয়নী আৰু বিধায়ক মৃণাল শইকীয়াই কৰা তাচ্ছিল্যসূচক মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সভাপতিগৰাকীয়ে কয়- "নির্বাচনৰ প্ৰাক মুহূৰ্তত বিভিন্ন দল-সংগঠনক লৈ তৰল আৰু তাচ্ছিল্যসূচক মন্তব্য কৰাটো বিজেপি একাংশ নেতা-পালিনেতাৰ পুৰণা অভ্যাস। বিজেপি গ' বেক, সৰ্বানন্দ মৰি গ'ল, বিজেপি হায় হায়, নৰেন্দ্ৰ মোডী মূর্দাবাদ, অমিত শ্বাহ মৰি গ'ল আদি বিভিন্ন বিজেপি বিৰোধী শ্লোগানত উত্তাল হয় শ্বহীদ ন্যাসৰ চৌহদ। উল্লেখ যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ত তিনিদিনীয়াকৈ ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিল আছুৱে।তাৰে অংশ হিচাপে তৃতীয় দিনা সমগ্ৰ ৰাজ্যজুৰি জিলাই জিলাই আছুৱে ক'লা পতাকা-কা'ৰ প্ৰতিলিপি দাহ কাৰ্যসূচী ৰূপায়ন কৰিছে।

Your Comments