অসম সুৰক্ষিত একমাত্ৰ বিজেপিৰ হাততহেঃঅমিত শ্বাহ

Pic

*নলবাৰীত বিজেপিৰ নিৰ্বাচনী ৰণডংকা*

#দ্বিজেন ডেকা,ঘগ্ৰাপাৰ,২৪জানুৱাৰীঃ

অসম সুৰক্ষিত কেৱল বিজেপি চৰকাৰৰ হাততহে ।সেয়েহে দিল্লী আৰু দিছপুৰত বিজেপি চৰকাৰৰ প্ৰয়োজন। যদি কংগ্ৰেছ দল অথবা বদৰুদ্দিনে চৰকাৰ গঠন কৰে তেনেহ'লে দেশ বাংলাদেশীৰে  ভৰিব ।এই মন্তব্য ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ।আজি নলবাৰীৰ পাইকাৰকুছিৰ সমীপৰ কেন্দুকুছিত শ্বহীদ মুকুন্দ কাকতি স্মৃতি ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ 'বিজয় সংকল্প সমাৰোহ'ত উপস্হিত থাকি এইদৰে মন্তব্য কৰে শ্বাহে।উক্ত সভাখনত গৃহমন্ত্ৰীগৰাকীয়ে ভাষন প্ৰসংগত কংগ্ৰেছৰ সমালোচনাৰে সৰব হয় আৰু কয় বিগত পোন্ধৰ বছৰে কংগ্ৰেছে উন্নয়নৰ ফটাঢোলহে বজালে।  ইয়াৰ পৰিৱৰ্তে  বিগত চাৰি বছৰে বিজেপি নেতৃতৃত্বাধীন চৰকাৰখনে  সৰ্বদিশতে উন্নয়ন কৰা বুলি দাবী কৰে।এইবাৰ অসমত বিজেপি চৰকাৰ আহিলে বান সমস্যা সমাধানৰ সংকল্প গ্ৰহণ কৰে । অসমৰ তৈলক্ষেত্ৰত ৪৬হাজাৰ কোটি গেছৰ ৰয়েল্টি প্ৰদানকে ধৰি মনমোহন সিং চৰকাৰে   অসমক প্ৰতাৰণা কৰিছিল।তাৰ পৰিৱৰ্তে বিজেপি চৰকাৰে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙকে ধৰি বাট-পথ নিৰ্মাণত চৰকাৰে অভিলেখ গঢ়িছে।চাহবাগানৰ প্ৰসংগ উল্লেখ কৰি ৭.২০লাখ চাহ মজদুৰৰ বেংক একাউন্ট খোলা আৰু গৰ্ভবতী মহিলাক আৰ্থিক অনুদানে উপকৃত কৰা বুলি ভাষন প্ৰসংগত উল্লেখ কৰে।বিজেপিয়ে বিচাৰে  আন্দোলন আৰু গুলীমুক্ত অসম। কংগ্ৰেছ দলে অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত বিভেদৰ সৃষ্টি কৰি বধ্যভূমিত পৰিনত কৰিছিল । তাৰ পৰিৱৰ্তে আমি অসমত শান্তি স্হাপন কৰিছো।গৃহমন্ত্ৰীগৰাকীয়ে কয়,৩৭০ নং অনুচ্ছেদ বিলুপ্তিৰে কাশ্মীৰক ভাৰতৰ লগত পূৰ্ণভাৱে লগ কৰিলো।অসমৰ সাহিত্য-সংস্কৃতি স্মৰণ কৰি তেওঁঁ কয়, সংস্কৃতি ৰক্ষাৰ বাবে ৰাজ্যৰ ৫০হাজাৰ নামঘৰক আঢ়ৈ লাখকৈ অনুদান প্ৰদান কৰা হৈছে।

Pic

আজিৰ সভাখনত উপস্হিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস,বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা,অসম প্ৰদেশ বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱা  ধৰ্মপুৰৰ বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, নলবাৰীৰ বিধায়ক অশোক শৰ্মা, বিজেপি দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া,মন্ত্ৰী ভৱেশ কলিতা, ইমানুৱেল মুছাহাৰী,বিজেপিৰ ৰাষ্ট্ৰীয় নেতা বৈজয়ন্তী পাণ্ডা আদি। ৰাজ‍্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত মল্ল বৰুৱাই আঁত ধৰা সভাখনত প্ৰায় দুই লক্ষাধিক লোক  উপস্হিত থাকে।

Your Comments