বঙাইগাঁৱত ভূমিহীন লোকক ভূমি আৱণ্টন পত্ৰ বিতৰণ

Pic
*পূৰ্বৰ কোনো চৰকাৰৰ দিনত এনে পদক্ষেপ গ্ৰহণ কৰা হোৱা নাছিল-- মন্ত্ৰী ফণীভূষণ চৌধুৰী* #বঙাইগাঁৱৰ প্ৰতিবেদক: ৰাজ্যৰ অন্যান্য জিলাৰ লগতে ২৩ জানুৱাৰীত বঙাইগাঁও জিলাতো ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ কৰা হয় ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিৱসাগৰৰ জেৰেঙা পথাৰত আনুষ্ঠানিকভাৱে ভূমিৰ পট্টা প্ৰদানৰ কাৰ্যসূচী মুকলি কৰাৰ পিছতে বঙাইগাঁও জিলাৰ মুঠ ১,০৪২ গৰাকী ভূমিহীন ব্যক্তিৰ পৰিয়ালৰ ভিতৰত আনুষ্ঠানিকভাৱে ৫০ গৰাকী ব্যক্তিক ভূমিৰ পট্টা আৰু আৱণ্টন পত্ৰ প্ৰদান কৰা হয় ৷ এই উপলক্ষে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বঙাইগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰালত আয়োজিত ভূমিহীন খিলঞ্জীয়া পৰিয়ালক ভূমি পট্টা আৰু আৱণ্টন পত্ৰ বিতৰণ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ খাদ্য ,অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা , পেঞ্চন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী মুখ্য অতিথি হিচাপে উপস্থিত থাকি এই ভূমি আৱণ্টন পত্ৰ বিতৰণ কৰে ৷ ৰাজহ বিভাগৰ দায়িত্বত থকা বঙাইগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনুপম ডেকাই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত জিলা উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই আদৰণি ভাষণ প্ৰদান কৰে ৷ আনহাতে,মুখ্য অতিথিৰ ভাষণত মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে কয় যে এই চৰকাৰখন শাসনলৈ অহাৰ পিচত যিটো পদক্ষেপ গ্ৰহণ কৰিছে,এই পদক্ষেপক আমি প্ৰশংসা কৰা উচিত নে অনুচিত সেয়া অসমৰ জনসাধাৰণে বিবেচনা কৰিব ৷ ইয়াৰ পূৰ্বে স্বাধীনতাৰ পিচত অসমত বিভিন্ন চৰকাৰ হৈছে যদিও কোনো এখন চৰকাৰে বসবাস কৰি থকা ভূমিহীন লোকসকলক ভূমি আৱণ্টন দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ এই চৰকাৰখন অহাৰ পিচত এটা পদক্ষেপ গ্ৰহণ কৰিলে যে এক লাখ ভূমিহীন লোকক ভূমি পট্টা বা আৱণ্টন পত্ৰ দিয়া হ'ব বুলি ঘোষণা কৰিছিল ৷ কিন্তু আমি আজি চৰকাৰখনে সগৌৰৱে ক'ব পাৰো যে আজি অসমত এক লাখ লোকক ভূমি পট্টা বিতৰণ কৰা হৈ গৈছে ৷ এতিয়া পুনৰ দুই লাখ লোকক ভূমি পট্টা প্ৰদানৰ বাবে গতি কৰিছে ৷ তেওঁ কয় যে চৰকাৰ এখনে বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰে ৷ কিন্তু এই উন্নয়নমূলক আঁচনিবিলাক কাৰ্যত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বা চৰকাৰে যি লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি এই আঁচনিসমূহ প্ৰস্তুত কৰে, সেই আঁচনিসমূহ জনসাধাৰণে ৰূপায়ণ কৰিব লাগিব ,বিভাগে ৰূপায়ণ কৰিব লাগিব ৷সেয়ে চৰকাৰে গ্ৰহণ কৰা এই আঁচনিখন সফল ৰূপায়ণৰ ক্ষেত্ৰত হিতাধিকাৰীসকলৰ দায়িত্ব আছে আৰু তেওঁলোকৰ যি দায়িত্ব আৰু কৰ্তব্য সেয়া পালন কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায় ৷ তেওঁ ভূমি লাভ কৰাসকলক কোনো কাৰণতে যাতে এই ভূমি আনক হস্তান্তৰ বা বিক্ৰী নকৰে তাৰ বাবেও আহ্বান জনায় ৷ অনুষ্ঠানত জিলাখনৰ বঙাইগাঁও ,ডাংতল , বইটামাৰী , সৃজনগ্ৰাম আৰু মাণিকপুৰ ৰাজ চক্ৰৰ অন্তৰ্গত দহ গৰাকীকৈ মুঠ পঞ্চাশগৰাকী ভূমিহীন লোকক আনুষ্ঠানিকভাৱে ভূমি আৱণ্টন পত্ৰ প্ৰদান কৰা হয় ৷ বাকী ৯৯২ গৰাকী লোকক অহা এসপ্তাহৰ ভিতৰত প্ৰদান কৰা হ'ব ৷ অনুষ্ঠানত উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক অনন্ত কুমাৰ মালো, জিলাৰ অতিৰিক্ত উপায়ুক্ত ডাঃ তহিদুৰ ৰহমান, জিলা বিজেপিৰ সভানেত্ৰী হিমানী অধিকাৰী আদিৰ লগতে ৰাজহ চক্ৰ বিষয়াসকল , লাট মণ্ডল আদি উপস্থিত থাকে ৷

Your Comments