আজি অসমীয়াই উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু

Pic

আজি অসমীয়াই উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু।কালি উৰুকাৰ নিশা লগে-ভাগে এসাঁজ খোৱাৰ পিছত আজি পুৱা মেজি জ্বলাই অসমীয়াই অগ্নি দেৱতাৰ ওচৰত প্ৰাৰ্থনা জনায়।

Pic

সমাজত শান্তি-সম্প্ৰীতি অটুট থকাৰ বাবে,সকলো অপায়-অমংগল দূৰ হোৱাৰ আশাৰে সকলো প্ৰান্তৰৰে বৃহত্তৰ অসমীয়া জাতি-জনগোষ্ঠীৰ লোকে প্ৰাৰ্থনা জনায় অগ্নি দেৱতাৰ ওচৰত।মাঘ বিহু উপলক্ষে পিতৃ-মাতৃ,জ্যেষ্ঠজনক সেৱা-সৎকাৰ কৰিছে,আশীৰ্বাদ গ্ৰহণ কৰিছে।মাঘ বিহু উপলক্ষে ইতিমধ্যে ঘৰে-ঘৰে প্ৰস্তুত কৰা হৈছে বিবিধ পৰম্পৰাগত পিঠা-পনা।সেই পিঠা-পনাৰে আত্মীয় আৰু আলহী-অতিথিক মাঘ বিহুৰকেইদিনত আপ্যায়নৰ ব্যৱস্থা কৰিব অসমীয়াই।

Your Comments