তীৰ্থনগৰী হাজোত 'মণিকূট উৎসৱ' আৰু 'সমন্বয় শোভাযাত্ৰা'ৰ ব্যাপক প্ৰস্তুতি

হাজোৰ বিশেষ প্ৰতিবেদক: হিন্দু,মুছলমান আৰু বৌদ্ধধৰ্মীৰ ত্ৰিবেণী সংগম,সমন্বয়ৰ মিলনভূমি তীৰ্থনগৰী হাজো।ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্দ্ধত শান্তি-সম্প্ৰীতি-সমন্বয়ৰ বাণী মানৱ সমাজত বিলাই দিবলৈ সমাগত ভোগালী বিহু উপলক্ষে পহিলা মাঘৰ পৰা তীৰ্থ নগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰত আৰম্ভ হ'ব এমাহজোৰা মহা মিলনৰ উৎসৱ ক্ৰমে 'উৰুছ মেলা' আৰু 'মাঘী মেলা' তথা মণিকূট উৎসৱ'।এই মহা মিলনৰ উৎসৱক লৈ হাজোৰ ৰাইজৰ পাৰভঙা উছাহ উদ্দীপনাৰ যেন অন্ত নাই।প্ৰবাদ অনুসৰি,সুদূৰ অতীজত পোৱা মক্কা দৰগাহৰ 'খাদিম'গৰাকীয়ে সতীর্থসহ মাঘ বিহুৰ পহিলা দিনা মাধৱ মন্দিৰলৈ গৈ মন্দিৰৰ 'দলৈ'ক লগ ধৰি বিহুৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সদৌটি ৰাইজৰ কুশল-মংগল কামনাৰে দোৱা প্রাৰ্থনা কৰিছিল।মন্দিৰৰ 'দলৈ' গৰাকীয়েও বিহুৰ পিঠা পনাৰে 'খাদিম'আৰু তেওঁৰ সতীৰ্থসকলক আপ্যায়ন কৰাৰ পাছত কুশল বার্তালৈ মন্দিৰ দৰ্শন কৰাইছিল।হিন্দু-মুছলমানৰ সেই অপূৰ্ব সম্প্ৰীতি-সমন্বয়ৰ আদর্শকে চিৰ যুগমীয়া কৰি ৰখাৰ প্রয়াস হিচাপে হাজোত ইতিহাসে ঢুকি নোপোৱা কালৰে পৰা পৰাম্পৰাগতভাৱে অনুষ্ঠিত হৈ আহিছে 'উৰুচ মেলা' আৰু মাঘী মেলা তথা 'মণিকূট উৎসৱ'।কালক্ৰমত সেই অপূৰ্ব আদৰ্শ বিশ্বৰ বুকুত বহুল প্ৰচাৰৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰতি বছৰে পহিলা মাঘৰ দিনা হাজোত অনুষ্ঠিত হৈ আহিছে ঐতিহাসিক মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা।তদুপলক্ষে অইন বছৰৰ দৰে এইবেলিও হাজো'আছু'ৰ উদ্যোগত অহা ১৫ জানুৱাৰীত পহিলা মাঘৰ দিনা তীর্থনগৰী হাজোত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা অনুষ্ঠিত কৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ।কাৰ্যসূচী অনুসৰি,সিদিনা পুৱা ৯-৩০ বজাত সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পন কৰিব ক্ৰমে হাজো 'আছু'ৰ সভাপতি নৱজ্যোতি দাস আৰু সাধাৰণ সম্পাদক তপন দাসে।পুৱা ১০ বজাত মণিকূট উৎসৱ উপলক্ষে উলিওৱা হব 'পোৱামক্কা দৰগাহ'ৰ নামনিৰ পৰা মাধৱ মন্দিৰলৈ এক বৰ্ণিল সমন্বয় শোভাযাত্ৰা।এই শোভাযাত্ৰাৰ উদ্বোধন কৰিব পোৱামক্কা দৰগাহৰ 'খাদিম' চৈয়দ তৌফিক হুছেইন আৰু পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ 'দলৈ'শিৱ প্ৰসাদ শৰ্মাই।ইফালে,জাতি-ধৰ্ম -ভাষা-বৰ্ণ নিৰ্বিশেষে তীৰ্থ নগৰী হাজোৰ বৃহত্তৰ অঞ্চলৰ ৰাইজ, চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰী,শিক্ষক-শিক্ষয়িত্ৰী,দল-সংগঠন,উত্তৰ-পূৰ্বাঞ্চলৰ বাৰেৰহনীয়া ভালেমান সাংষ্কৃতিক গোষ্ঠীৰ লগতে সমন্বয় শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণ হ'ব অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া,আন্ত:ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত বিশিষ্ট চলচিত্ৰ নিৰ্মাতা ৰীমা দাস, বিশিষ্টা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ ।লগতে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি দীপাংক কুমাৰ নাথ,সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা,কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন,কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, 'আছু'ৰ সহকাৰী সম্পাদক ধৰ্মেশ্বৰ দাস, সংগীত শিল্পী দীক্ষু,দীপলিনা ডেকা,অভিনেত্ৰী পাপৰি বৰা,অভিনেতা অশ্বিনী ডেকা,সমাজকৰ্মী বনমালী শৰ্মা,হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰা,'আছু' নেতা ক্ৰমে ধীৰাজ ৰাজবংশী,নিৰোদ কুমাৰ দাস, দিবাকৰ কলিতা,হেমন্ত দাস, ভৱজ্যোতি ডেকা,ইমদাদুৰ ৰহমান ৰুবুল চন্দ্ৰ দাস,পংকজ কলিতাকে ধৰি আৰু বহুতো।শোভাযাত্ৰাৰ অন্তত দুপৰীয়া ১২ বজাত মাধৱ মন্দিৰৰ দোমোঠাৰগুৰি প্ৰাংগণত হাজো আছুৰ সভাপতি নৱজ্যোতি দাসৰ পৌৰোহিত্যত অনুষ্ঠিতব্য মুকলি সভাৰ উদ্বোধন কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি প্ৰকাশ চন্দ্ৰ দাসে।মণিকূট উৎসৱ আৰু 'সমন্বয় শোভাযাত্ৰা'ৰ বৰ্ণিল কার্যসূচীত সদৌটি ৰাইজৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সংগঠন 'আছু'য়ে।

Your Comments