বেবেজীয়াৰ ২নং যুৰীয়া নামঘৰৰ "শৰাই এদিন" উদ্‌যাপন

বেবেজীয়াৰ ২নং যুৰীয়া নামঘৰৰ "শৰাই এদিন" উদ্‌যাপন

নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত দুশ বছৰীয়া বেবেজীয়া ২নং যুৰীয়া নামঘৰৰ ভাদমহীয়া "শৰাই এদিন" উৎসৱ বুধবাৰে উদ্‌যাপন কৰা  হয় । পুৱা  প্ৰাতঃ প্ৰসংগ, শৰাই সফুঁৰা, অৰ্চন-বন্দন আৰু নাম-প্ৰসংগৰে ভকত-বৈষ্ণৱসকলে যুৰীয়া নামঘৰত হৰিনামৰ সুললিত  সুৰে সমগ্ৰ অঞ্চলটোৰ আকাশ-বতাহ মুখৰিত কৰি তোলে ।

দুপৰীয়া নামাচাৰ্য হৰেন বৰাই নাম-কীৰ্তনেৰে শুভাৰম্ভ কৰাৰ পিছতে  বিয়লি প্ৰসাদ বিতৰণ কৰা হয় । উল্লেখ যে মাহ-প্ৰসাদ, পিঠাগুৰি আৰু গুড়ৰ মিশ্ৰণেৰে তৈয়াৰ কৰা মিঠৈ, লাড়ু, কোমল চাউল আৰু ম'হৰ গাখীৰৰ দৈৰ সৈতে ভক্তপ্ৰাণ ৰাইজক আপ্যায়ন কৰা হয় ।

বেবেজীয়াৰ ২নং যুৰীয়া নামঘৰৰ "শৰাই এদিন" উদ্‌যাপন

বিশেষকৈ কলগছৰ দোনাত কোমল চাউল আৰু দৈ গাখীৰৰ  জলপান আপ্যায়নত ভক্তপ্ৰাণ ৰাইজ আপ্লুত হৈ পৰে । বিশিষ্ট সমাজকৰ্মী তথা নামঘৰ পৰিচালনা সমিতিৰ সভাপতি বিনোদ বৰুৱাই  আঁতধৰা অনুষ্ঠানত সাংবাদিক দেবজিৎ হাজৰিকা, শিক্ষক ক্ষীৰোদ বৰা আৰু যুৱনেতা বলীন্দ্ৰ কাকতিক সম্বৰ্ধনা জনোৱা হয় ।

সন্ধ্যা  বন্তি প্ৰজ্জ্বালনেৰে দিনজোৰা কাৰ্যসূচীৰ সামৰণি মৰা হয় ।

Your Comments