উচ্চতম ন্যায়ালয়ৰ ৰায়ক অৱমাননা:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ এনিমেল কৰিড’ৰত ৰিজ'ৰ্ট নিৰ্মাণ

Pic

উচ্চতম ন্যায়ালয়ৰ এনিমেল ক’ৰিড’ৰত যিকোনো নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ ৰায়ক অৱমাননা কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপতে এখন ৰিজ'ৰ্টৰ নিৰ্মাণ কাৰ্য চলি আছে।স্থানীয় প্রশাসনে এই সন্দৰ্ভত বন বিভাগৰ ওপৰত আঙুলি উঠোৱাৰ পৰিৱৰ্তে বন বিভাগে ইয়াৰ বাবে স্থানীয় প্রশাসনক দোষী বুলি অভিহিত কৰিবলৈ বিচাৰিছে।

উল্লেখযোগ্য যে ২০১৯চনত বন্যপ্ৰাণী প্ৰেমী ৰোহিত চৌধুৰীয়ে উচ্চতম ন্যায়ালয়ত দাখিল কৰা এক আবেদন অনুসৰি উচ্চতম ন্যায়ালয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ সীমাৰ কাষত আৰু কাৰ্বি আংলং পাৰ্বত্য অঞ্চলত সকলোধৰণৰ খনন কাৰ্য স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল‌।

উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতো এই ধৰণৰ ৰিজ'ৰ্ট নিৰ্মাণ বা তেনে ধৰণৰ নিৰ্মাণ কাৰ্যসমূহ এনিমেল কৰিডৰ সমীপৱৰ্তী এলেকাত অব্যাহত হোৱাৰ সন্দৰ্ভত চৰকাৰ আৰু বন বিভাগে কি ব্যৱস্থা লয় সেয়াহে হ’ব লক্ষণীয় বিষয় ।

Your Comments