ভোগালীৰ দিনা ভাল খবৰ,বুক কৰাৰ দিনাই পাব এলপিজি চিলিণ্ডাৰ

Pic

ৰন্ধন গেছৰ চিলিণ্ডাৰ পাবলৈ এতিয়া বহুদিন অপেক্ষা কৰিব নালাগিব উপভোক্তাসকলে। অনতিপলমে চিলিণ্ডাৰ বুক কৰাৰ দিনাই পাব LPGৰ চিলিণ্ডাৰ। ইণ্ডিয়ান অইলে এই সেৱা আৰম্ভ কৰিবলৈ এতিয়া বিশেষ পদক্ষেপ হাতত লৈছে।“প্ৰতিখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত কমেও এখন জিলা বা চহৰ বাছনি থাকিব য’ত SINGLE BOTTLE চিলিণ্ডাৰৰ তত্‍কাল LPG সেৱা আৰম্ভ কৰিব পৰা যাব । এই আঁচনিৰ জৰিয়তে যাতে আমি গেছ চিলিণ্ডাৰ বুক কৰাৰ মাত্ৰ ত্ৰিশৰপৰা চল্লিশ মিনিটৰ ভিতৰত গ্ৰাহকক LPG যোগান ধৰিব পাৰো,তাৰ সন্দৰ্ভত বৰ্তমান পৰিকল্পনা চলি আছে"-ইণ্ডিয়ান অইলৰ এক উচ্চস্তৰীয় সূত্ৰই এইদৰে জানিবলৈ দিছে। এই আঁচনিৰ প্ৰাৰম্ভিক কাম-কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে। হয়তো অহা ১ ফেব্ৰুৱাৰীৰ পৰা গ্ৰাহকে এই সেৱা লাভ কৰিব পাৰে । এই তত্‍কাল সেৱাৰ সুবিধা ডেলিভাৰী নেটৱৰ্কৰ ডিলাৰসমূহেও লাভ কৰিব ৷ এই আঁচনিখন এতিয়াও চূড়ান্ত কৰিবলৈ কিছু বাকী আছে। বিভিন্ন দিশ পৰ্যালোচনা কৰি শীঘ্ৰে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে।

Your Comments