উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত 'প্ৰাক ভোগালী উৎসৱ' উদযাপন

Pic

উত্তৰ গুৱাহাটী,১২ জানুৱাৰী:

উত্তৰ কামৰূপৰ এখন আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয় হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে উত্তৰ গুৱাহাটী,শংকৰদেৱ শিশু নিকেতনে।১২ জানুৱাৰীত নিকেতন প্ৰাংগণত প্ৰাক্ ভোগালী উৎসৱ অনুষ্ঠিত কৰা হয়।উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ-ছাত্ৰী,আচাৰ্য-আচাৰ্যা তথা অভিভাৱকসকলৰ মাজত পিঠা -পনা প্ৰস্তুত কৰাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়।লগতে,ছাত্ৰ-ছাত্ৰীসকলক ভোগালী বিহুত খেলা বিভিন্ন পৰম্পৰাগত খেল,পালন কৰা ৰীতি-নীতি,আচাৰ-ব্যৱহাৰ ইত্যাদিৰ পৰিচয় কৰাই দিয়া হয়।ছাত্ৰ-ছাত্ৰী, আচাৰ্য-আচাৰ্যা আৰু অভিভাৱকসকলে উৎসাহেৰে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। বিধে বিধে তিলপিঠা, ঘিলা পিঠা, আখৈ, কলপাতত দিয়া পিঠা, কেটেলি মুখত দিয়া পিঠা, গিলাচ পিঠা, চুঙা পিঠা, বৰপিঠা,মাহ কৰাই, বান বাতিত দৈ চিৰা, নাৰিকল চিৰা ইত্যাদি সজাই -পৰাই এখন প্ৰদৰ্শনীৰ আয়োজন কৰা হয়।লগতে খোৱা, গোৱা আৰু বিহু তাৎপৰ্যৰ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰা এটা অনুষ্ঠানত ছাত্ৰীসকলে ভাগ লয়।সকলোৱে ভোগ-আনন্দত আত্মহাৰা হৈ আজিয়েই ভোগালী সদৃশ পৰিৱেশৰ সৃষ্টি কৰে।

প্ৰধান আচাৰ্য উৎপল তালুকদাৰ আৰু পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামীয়ে উন্মোচন কৰা বাৰেৰহণীয়া অনুষ্ঠানত মহিমা তালুকদাৰে আকস্মিক বক্তৃতা প্ৰতিযোগিতাত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰে।ইয়াৰ পিছতে নিকেতনৰ প্ৰচাৰ আৰু প্ৰসাৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ আচাৰ্যা কমলা বৰ্মণক সম্বৰ্ধনা জনোৱা হয়।

Pic

থলুৱা পিঠা-পনা প্ৰদৰ্শনীৰ বিচাৰক হিচাপে উপস্থিত আছিল উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ অধ্যাপিকা প্ৰতিমা বৰুৱা,ৰাগশ্ৰী সংগীত মহাবিদ্যালয় অধ্যক্ষা পিংকুমণি চৌধুৰী আৰু সমাজসেৱিকা ভানুমতি দাস।প্ৰতিযোগিতাখনিত ১০ গৰাকী প্ৰতিযোগীক পুৰস্কৃত কৰা হয়। থলুৱা পিঠা-পনা প্ৰতিযোগিতাৰ চূড়ান্ত বিজয়ীসকল ক্ৰমে প্ৰথম পুৰস্কাৰ কৃশাঙ্গী বৰুৱা, দ্বিতীয় পুৰস্কাৰ গীতালী পাঠক, তৃতীয় পুৰস্কাৰ তাপসী গোস্বামী, চতুৰ্থ পুৰস্কাৰ দীক্ষিতা তামুলী, পঞ্চম পুৰস্কাৰ কঙ্কণা কলিতা, ষষ্ঠ পুৰস্কাৰ আকাঙ্ক্ষা দিহিঙ্গীয়া, সপ্তম পুৰস্কাৰ মেঘনা দাস, অষ্টম পুৰস্কাৰ মঞ্জিতা হাজৰিকা, নৱম পুৰস্কাৰ লক্ষ্মী বুঢ়াগোহাঁই দশম পুৰস্কাৰ মধুস্মিতা দাসে লাভ কৰে।

আজি অনুষ্ঠিত আন এক আকৰ্ষণীয় প্ৰতিযোগীতা হ'ল বিহুৱতী প্ৰতিযোগিতা।এই প্ৰতিযোগিতাত দুগৰাকী প্ৰতিযোগীক শ্ৰেষ্ঠ হিচাপে পুৰস্কৃত কৰা হয়।শ্ৰেষ্ঠ বিহুৱতী দুগৰাকী হ'ল আকাংশা দিহিঙ্গীয়া আৰু ধৃতিস্মিতা বৈশ্য।

শেষত প্ৰতিযোগিতাখনিৰ সঞ্চালক উপপ্ৰধান আচাৰ্য জগদীশ শৰ্মাই কয় যে এনে প্ৰতিযোগিতাৰ দ্বাৰা নৱপ্ৰজন্মই অসমীয়া সংস্কৃতিৰ লগত নিজকে খাপ খুওৱাৰ উপৰিও সমাজৰ অন্য শ্ৰেণীৰ লোককো উৎসাহিত কৰিব‌।

Your Comments