পশুধন নিগমে ভোগালীৰ উৰুকাত গুৱাহাটীত ১০খন বাহনেৰে যোগান ধৰিব মাংস

Pic

ভোগালী বিহুৰ লগত সংগতি ৰাখি অসম পশুধন নিগমৰ গুৰুত্বপূৰ্ণ পদক্ষেপ।গুৱাহাটীবাসীক পশুধন নিগমে যোগান ধৰিব কুকুৰাৰ মাংস।১৪০টকাৰ নিৰ্ধাৰিত মূল্যত ১০খন ভ্ৰাম্যমাণ বাহনে উৰুকাৰ দিনাৰে পৰা যোগান ধৰিব মাংস।এই কথা জনালে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই।

জু-ৰোড, চুপাৰ মাৰ্কেটকে ধৰি মহানগৰীৰ বিভিন্ন প্ৰান্তত উপলব্ধ হ'ব ভ্ৰাম্যমাণ বাহনসমূহ।

"ভোগালী বিহুৰ সুবিধা লৈ অসাধু ব্যৱসায়ীয়ে মাংসৰ দাম যাতে বৃদ্ধি কৰিবলৈ নোৱাৰে,তাৰ বাবে মহানগৰীৰ বিভিন্ন প্ৰান্তত বুধবাৰে পশুধন নিগমে চলাব অভিযান"- অধ্যক্ষগৰাকীয়ে কয়।উল্লেখ যে বাৰ্ড ফ্লুৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে ইতিমধ্যে বহি:ৰাজ্যৰ পৰা হাঁহ-কুকুৰাৰ আমদানি বন্ধ কৰিছে ৰাজ্য চৰকাৰে।তাৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু মাংস বিক্রেতাই বৃদ্ধি কৰিছে সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীতো মাংসৰ দাম।বিহুৰ দিনা অসাধু ব্যৱসায়ীয়ে আৰু যাতে অধিক মূল্যবৃদ্ধি কৰিবলৈ নোৱাৰে,তাৰ বাবে অধিক তৎপৰ হৈছে পশুধন বিভাগ।

ইফালে,গুৱাহাটীৰ উপৰিও ৰাজ্যৰ অন্য প্ৰান্তত বিহুৰ সময়চোৱাত মাংসৰ উচিত দাম নিৰ্ধাৰণ কৰাৰ বাবে পশুধন নিগমে জিলা উপায়ুক্তসকলক নিৰ্দেশ প্ৰদান কৰা বুলিও জানিবলৈ দিয়ে অধ্যক্ষগৰাকীয়ে।

Your Comments