আলফা স্বাধীনে মুক্তি দিলে 'কুইপ'ৰ দুই অপহৃত বিষয়াক

Pic

অপহৃত হৈ থকা 'কুইপ' নামৰ তৈল প্ৰতিষ্ঠানটোৰ দুই বিষয়াক মুক্তি দিলে আলফা স্বাধীনে । উল্লেখযোগ্য যে ২০২০ চনৰ ২২ ডিচেম্বৰত অপহৰণ কৰা হৈছিল উক্ত তৈল প্ৰতিষ্ঠানটোত কৰ্মৰত দুজন বিষয়াক ৷ বিষয়া দুজনৰ নাম প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰ।

জানিব পৰা অনুসৰি, অপহৰণ কাৰ্যৰ লগত জড়িত আছিল আলফা আৰু এনএছচিএনৰ গোট।অৰুণাচলৰ দায়ুনৰ পৰা দুয়োজন লোকক অপহৰণ কৰিছিল ।

Your Comments