১৬ জানুৱাৰীৰ পৰা ভাৰতত আৰম্ভ হ’ব ক’ভিড-১৯ টীকাকৰণ প্ৰক্ৰিয়া

Pic

ভাৰতবৰ্ষত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব কৰ’না টীকাকৰণ প্ৰক্ৰিয়া । ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে জনাইছে  যে, টিকাকৰণ প্ৰক্ৰিয়াত অগ্ৰাধিকাৰ পাব লগা ৩ কোটি লোকৰ ভিতৰত আছে স্বাস্থ্য কৰ্মী আৰু ফ্ৰন্টলাইন ৱ’ৰ্কাৰসকলে । দ্বিতীয় পৰ্যায়ত বাকী ২৭ কোটি লোকৰ ক’ভিড টীকাকৰণ হ’ব।

কৰ’নাৰ টিকাকৰণৰ সন্দৰ্ভত সোমবাৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হ’ব। অৱশ্যে স্বাস্থ্য কৰ্মী আৰু ফ্ৰন্টলাইন ৱ’ৰ্কাৰসকলৰ বাদে আনসকল লোকৰ বাবে এই টীকাকৰণ বিনামূলীয়া হ’ব নে নহ’ব সেই সন্দৰ্ভত এতিয়াও স্পষ্টকৈ একো জানিব পৰা হোৱা নাই।

Your Comments