ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত ৩ শিক্ষাবিদক সম্বৰ্ধনা

ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত ৩ শিক্ষাবিদক সম্বৰ্ধনা

নগাঁৱৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত স্থানীয় আমোলাপট্টি নাট্য মন্দিৰত অনুষ্ঠিত শিক্ষক দিৱসৰ কাৰ্যসূচীত নগাঁও জিলাৰ তিনিগৰাকী বিশিষ্ট পণ্ডিত শিক্ষাবিদ, গৱেষকক সম্বৰ্ধনা জনোৱা হয় ।

শংকৰী সংস্কৃতিৰ সাধক, শিক্ষাবিদ তিলক চন্দ্ৰ মজুমদাৰ, সাহিত্যিক, শিক্ষাবিদ উপেন্দ্ৰ বৰকটকী আৰু বিশিষ্ট শিক্ষাবিদ বিমল চন্দ্ৰ বৰাক এই সম্বৰ্ধনা প্ৰদান কৰা হয় ।

মহাবিদ্যালয়ৰ অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অধ্যাপক বিপুল কটকী, বিভা গোস্বামী আদিয়ে অংশগ্ৰহণ কৰে ।

সভাতেই মহাবিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰীকো সম্বৰ্ধনা জনোৱা হয় ।

Your Comments