নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত শিক্ষক দিৱস উদ্‌যাপন

নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত শিক্ষক দিৱস উদ্‌যাপন

মাধৱদেৱ মহাবিদ্যালয়ৰ অসমীয়া বিভাগত ব্যতিক্ৰমী কাৰ্যসূচী

উত্তৰ অসমৰ অগ্ৰণী শিক্ষানুষ্ঠান মাধৱদেৱ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ শিক্ষাৰ্থীসকলে জাকজমকতাৰ পৰিৱৰ্তে সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত ৫৭সংখ্যক শিক্ষক দিৱস উদ্‌যাপন কৰে ৷

পুৱা ৯ বজাত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ শৰৎ হাজৰিকাই ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জ্বালন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ পাছতেই মাধৱদেৱ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ  তৰফৰ পৰা কলম, গ্ৰন্থ আদিৰে সন্মান জনোৱা হয় অধ্যক্ষগৰাকীক ৷

নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত শিক্ষক দিৱস উদ্‌যাপন

অধ্যক্ষগৰাকীয়ে মহাবিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰীয়ে শিক্ষকসকলৰ শিক্ষাদানৰ মহৎ উদ্দেশ্যৰ বিষয়ে কৃতজ্ঞতাৰে সুঁৱৰি ছাত্ৰ-ছাত্ৰীৰ জীৱনত প্ৰতিগৰাকী শিক্ষকৰ অৱদানৰ বিষয়ে আলোকপাত কৰে আৰু সমাজ গঠনত শিক্ষকৰ মহান ভুমিকাৰ বিষয়ে বহলাই বাখ্যা কৰে ৷

অসমীয়া বিভাগৰ সহযোগী অধ্যাপক দীপক দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ আঁতধৰে মাধৱদেৱ মহাবিদ্যালয় মুৰব্বী অধ্যাপক যোগেন শইকীয়াই ৷ ইয়াৰ পিছতেই শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত অনুষ্ঠিত হয় মত-বিনিময় অনুষ্ঠান ৷

মত-বিনিময় অনুষ্ঠানত ছাত্র-ছাত্রীক উদ্দেশ্যি অসমীয়া বিভাগৰ সহযোগী অধ্যাপক যোগেন তামুলী, দীপক দাস আৰু নৰনাথ মৰাঙে নিজৰ জীৱনৰ বিভিন্ন ঘাত-প্ৰতিঘাত সুঁৱৰি আৱেগিক হৈ পৰাৰ লগতে বিভিন্ন হাস্যমধুৰ কথাৰে সভাৰ পৰিবেশ জীপাল কৰি তোলে ৷

উক্ত অনুষ্ঠানত লখিমপুৰ জিলাৰ জ্যেষ্ঠ সাংবাদিক জগত গগৈ, নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সম্পাদক দিপান্ত কাকতি, প্ৰাক্তন ছাত্র পাপু দত্তকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

নাৰায়ণপুৰৰ বিভিন্ন প্ৰান্তত শিক্ষক দিৱস উদ্‌যাপন


আনহাতে, অন্বেষণ ক'চিং চেণ্টাৰতো আজি উদ্‌যাপন কৰা হয় শিক্ষক দিৱস ৷ লখিমপুৰ জিলাৰ জ্যেষ্ঠ সাংবাদিক জগত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সম্পাদক দিপান্ত কাকতি, শিক্ষক বীৰেণ হাজৰিকা, মতিউৰ ৰহমান, ব্ৰজেন মৰাণ, কৃষ্ণ দাস, ৰঞ্জন কোঁৱৰকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থকাৰ লগতে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি ভাষণ আগবঢ়ায় ৷

ছাত্রী পৰিস্মিতা বৰা আৰু চয়নিকা বৰুৱাই আঁতধৰা সভাখনত বহু কেইগৰাকী ছাত্র-ছাত্রীয়ে নিজৰ প্ৰতিভাসমূহ দাঙি ধৰি সভাৰ পৰিবেশ জীপাল কৰি তোলে ৷ ইয়াৰ উপৰি পাণবাৰীস্থিত শংকৰদেৱ জাতীয় বিদ্যালয়, জ্ঞিজ্ঞাসা জাতীয় বিদ্যালয়, নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি নাৰায়ণপুৰৰ বহুকেইখন শিক্ষানুষ্ঠানতো উদ্‌যাপন কৰা হয় শিক্ষক দিৱস ৷
 

Your Comments