চৰাইদেউত প্ৰদূষণমুক্ত সামাজিক পৰিৱেশ গঢ়াৰ আহ্বান যাদৱ পায়েঙৰ

সোণাৰিত প্ৰদূষণমুক্ত সামাজিক পৰিৱেশ গঢ়াৰ আহ্বান যাদৱ পায়েঙৰ

সমগ্ৰ ৰাজ্যখনৰ বিভিন্ন জিলাত মুখ্য মন্ত্ৰীৰ "বিশেষ পৰিষ্কাৰ আৰু সেউজ গাঁও" আঁ‌চনিৰ অধীনত বিভিন্ন কাৰ্যসূচী চলি থকাৰ সমান্তৰালভাৱে আজি চৰাইদেউ জিলাৰ স্থানীয় লংপতীয়াৰ মিৰিপথাৰ গাঁৱত এক বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয় । 

সোণাৰিত প্ৰদূষণমুক্ত সামাজিক পৰিৱেশ গঢ়াৰ আহ্বান যাদৱ পায়েঙৰ

কাৰ্যসূচীৰ অংশ হিচাপে অনুষ্ঠিত সজাগতা সভা আৰু আলোচনা-চক্ৰত অংশগ্ৰহণ কৰে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে । পুৱাৰ ভাগত এই অনুষ্ঠানৰ লগত স্ংগতি ৰাখি মিৰিপথাৰ অঞ্চলৰ স্থানীয় ৰাইজৰ সহযোগত যোগাসন শিবিৰ, স্বচ্ছতা দৌৰ, সামূহিক চাফাই অভিযান আৰু  বৃক্ষৰোপণ কৰে ।

অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েঙে আমাৰ দৈনন্দিন জীৱনত প্লাষ্টিকজাতীয় সামগ্ৰীসমূহৰ ব্যৱহাৰ বৰ্জন কৰি এক প্ৰদূষণমুক্ত সামাজিক পৰিবেশ গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

সোণাৰিত প্ৰদূষণমুক্ত সামাজিক পৰিৱেশ গঢ়াৰ আহ্বান যাদৱ পায়েঙৰ

উক্ত সজাগত সভা আৰু আলোচনা-চক্ৰত পদ্মশ্ৰী যাদৱ পায়েং আৰু উপায়ুক্ত বিবেকানন্দ ফুকনৰ উপৰি উপস্থিত থাকে চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষক জিৎমল দলে, অতিৰিক্ত উপায়ুক্ত জিতু কুমাৰ দাস আৰু চৰাইদেউ জিলাৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা মিনজাউল হক, সহকাৰী অভিযন্তা ৰাজীৱ কুমাৰ ভট্টাচাৰ্য সহিতে বিভাগটোৰ অন্যান্য বিষয়া-কৰ্মচাৰীসকল ।

Your Comments