নগাঁৱৰ শিক্ষয়িত্ৰী গীতা শইকীয়ালৈ জিলা কৃতী শিক্ষক বঁটা

নগাঁৱৰ শিক্ষয়িত্ৰী গীতা শইকীয়ালৈ জিলা কৃতী শিক্ষক বঁটা

আজি পবিত্ৰ শিক্ষক দিৱস । সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো শিক্ষক দিৱস উদ্‌যাপন কৰা হৈছে । শিক্ষক দিৱস উপলক্ষে প্ৰদান কৰা কৃতী শিক্ষকৰ জিলা বঁটা এিবাৰ লাভ কৰিছে নগাঁও জিলাৰ বেবেজীয়া অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপ্যধ্যক্ষ গীতা শইকীয়াই ৷

শিক্ষক বঁটা লাভ কৰি বিদ্যালয় তথা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা গীতা শইকীয়া হৈছে নগাঁৱৰ ডিমৰুগুৰি বাসিন্দা ৷ আজিৰ পবিত্ৰ দিনটোতে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও সংমণ্ডলৰ শিক্ষা বিভাগে কৰ্মৰত শিক্ষকমণ্ডলীলৈ আগবঢ়ালে জিলা কৃতী শিক্ষক বঁটা ।

কৰ্মৰত শিক্ষকমণ্ডলীক অনুপ্ৰেৰণা যোগাই আৰু এখোজ আগুৱাই যোৱাৰ সংকল্পৰে এই মহান পন্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসন তথা নগাঁও সংমণ্ডলৰ শিক্ষা বিভাগে । আজি কেন্দ্ৰীয়ভাৱে এই বঁটা প্ৰদান কৰা হৈছে জিলা পুথিভঁৰালত ।

নগাঁৱৰ শিক্ষয়িত্ৰী গীতা শইকীয়ালৈ জিলা কৃতী শিক্ষক বঁটা

শিক্ষয়িত্ৰী গীতা শইকীয়াই এই বঁটা লাভ কৰাত উৎফুল্লিত হৈ পৰিছে বেবেজীয়া পণ্ডিত কনক শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীৰ লগতে অঞ্চলবাসী ৰাইজ ।

উল্লেখ্য যে ১৯৮৩ চনৰ পৰা বৰ্তমানলৈকে উক্ত বিদ্যালয়ত শিক্ষকতা কৰি আহিছে গীতা শইকীয়াই । তেখেতে এই মহান শিক্ষকতা বৃত্তিত জড়িত থাকিও সমাজ সংগঠনৰো কাম কৰি আগুৱাই নিছে নিজৰ জীৱনটোক ।

শইকীয়াই অসমীয়া বিভাগত স্নাতকোত্তৰ তথা বি এড ডিগ্ৰী লাভ কৰাৰ উপৰি এগৰাকী সু আবৃত্তিকাৰ হিচাপেও পৰিচিত হৈ আছে । শইকীয়া লায়ন্‌ছ ক্লাবৰ নগাঁও গ্ৰেটাৰৰ সক্ৰিয় সদস্য হৈ থকাৰ উপৰি ক্লাবৰ সম্পাদক, সভাপতি, উপ-সভাপতি পদতো কাৰ্যনিবাহ কৰিছিল ।

প্ৰয়াত গোলাপ শইকীয়া আৰু প্ৰয়াত অলিমাই শইকীয়াৰ জীয়ৰী গীতা শইকীয়াই শিক্ষকতাৰ উপৰি প্ৰবন্ধ, কবিতা লেখা-মেলা কৰি আহিছে । নগাঁও চহৰৰ হোটেল স্বাগতৰ স্বত্বাধিকাৰী মামাক ভদ্ৰকান্ত শইকীয়াৰ অনুপ্ৰেৰণাত গীতা শইকীয়াই শিক্ষকতা জীৱনৰ পাতনি মেলিছিল ।

Your Comments