শিক্ষক দিৱসত ডিব্ৰুগড়ত ১০গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

শিক্ষক দিৱসত ডিব্ৰুগড়ত ১০গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি ডিব্ৰুগড়তো উদ্‌যাপন কৰা হয় শিক্ষক দিৱস । বিশ্ব বন্দিত দাৰ্শনিক, চিন্তানায়ক, শিক্ষাবিদ তথা দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ পবিত্ৰ জন্মদিন উপলক্ষে আজি ডিব্ৰুগড় জিলা প্ৰশাসনে ৫৭সংখ্যক কেন্দ্ৰীয় শিক্ষক দিৱস পালন কৰে ।

ডিব্ৰুগড় জিলা পুথিভঁৰালত অনুষ্ঠিত শিক্ষক দিৱসৰ অনুষ্ঠানত উপায়ুক্ত লয়া মাদ্দুৰীকে ধৰি উন্নয়ন আয়ুক্ত যাদৱ শইকীয়া, বিদ্যালয়সমূহৰ পৰিদৰ্শক চেমিনা য়াচমিন আৰা ৰহমান, জিলা প্ৰাথমিক শিক্ষা বিষয়া প্ৰণতি বৰা, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপক ডঃ প্ৰবীণ গগৈ উপস্থিত থাকে ।


সভাত উপস্থিত থাকি জিলা উপায়ুক্ত লয়া মাদ্দুৰীয়ে নিজৰ বক্তব্যত ছাত্র-ছাত্ৰীৰ ভৱিষ্যৎ সুন্দৰ কৰি তোলাৰ বাবে প্ৰতিগৰাকী শিক্ষকে উৎসৰ্গিত মনোভাবেৰে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

প্ৰতিগৰাকী শিক্ষকে শিক্ষকতাক কেৱল এক বৃত্তি হিচাপে গ্ৰহণ নকৰি যদিহে ছাত্র-ছাত্ৰীৰ মাজত আত্মবিশ্বাস গঢ়ি তেওঁলোকৰ সুপ্ত প্ৰতিভা বিকাশ ঘটোৱাত কাম কৰে, তেতিয়া কেৱল ছাত্ৰ-ছাত্ৰীৰে নহয় দেশৰ ভৱিষ্যৎ উজ্জ্বল হ'ব বুলি তেওঁ উল্লেখ কৰে ।


অনুষ্ঠানত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষাতত্ব বিভাগৰ অধ্যাপক ডঃ প্ৰবীণ গগৈ আৰু উন্নয়ন আয়ুক্ত যাদৱ শইকীয়াইও বক্তব্য আগবঢ়ায় ।

আনহাতে, এই অনুষ্ঠানতে শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ৰ কৃতী শিক্ষয়িত্ৰী ৰুমী গগৈ, পোৱালি পথাৰ প্ৰাথমিক বিদ্যালয়ৰ কৃতী শিক্ষক অজিত গগৈ, দীঘলী বজাৰ প্ৰাথমিক বিদ্যালয়ৰ নমী দেৱী, ডিকম বিদ্যাপীঠ প্ৰাথমিক বিদ্যালয়ৰ স্বপ্নাজিতা মেধি, আছাম গেছ কোম্পানী প্ৰাথমিক বিদ্যালয়ৰ জ্যোতি গগৈ,

ফুলামপুৰ শ্ৰীশ্ৰী মধ্য ইংৰাজী বিদ্যালয়ৰ কল্যাণ গগৈ, তিনিচুকীয়া চেঁচাকোষ মধ্য ইংৰাজী বিদ্যালয়ৰ ৰীণা ৰাণী বৰা, দিনজয় হাজৰিমল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ত্ৰিদীপ কুমাৰ ফুকন, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পবিত্ৰ প্ৰাণ মহন্ত আৰু বামুণবাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ কৃতী শিক্ষক সতীশ চুতীয়াক জিলা প্ৰশাসনৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।

Your Comments