তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনত শিক্ষক দিৱস পালন

তামুলপুৰ শংকৰদেৱ বিদ্যা নিকেতনত শিক্ষক দিৱস পালন

শিশু শিক্ষা সমিতিৰ দ্বাৰা পৰিচালিত শংকৰদেৱ বিদ্যা নিকেতন, তামুলপুৰৰ ছাত্ৰ ভাৰতীৰ সৌজন্যত আজি শিক্ষক দিৱস পালন কৰা হয় ।

সেই উপলক্ষে ছাত্ৰ ভাৰতীৰ অধ্যক্ষ জ্যোতিস্মিতা দাসৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য বাখ্য কৰে ছাত্ৰ ভাৰতীৰ মন্ত্ৰী  প্ৰেৰণা দাসে । বন্তি প্ৰজ্জ্বালনেৰে সভাখন শুভাৰম্ভ কৰে নিকেতন পৰিচালনাৰ উপ-সভাপতি নবীন চন্দ্ৰ কলিতাই ।

সুভাষিত, অমৃত বচন আৰু আমাৰ লক্ষ্য পাঠ কৰে ক্ৰমে সমৰজ্যোতি ৰাজবংশী, মনশ্ৰী কলিতা আৰু ধৃতিস্মান শৰণীয়াই । নিকেতনৰ প্ৰধান আচাৰ্য সুৰেন্দ্ৰ নাথ কলিতাই ডঃ সৰ্বপল্লী ৰাধা কৃষ্ণনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণৰ পিছতে ছাত্ৰ ভাৰতীৰ একাংশ শিল্পীয়ে পৰিবেশন কৰে সমবেত সংগীত ।

নিকেতনৰ ছাত্ৰী ৰাজশ্ৰী বৈশ্য আৰু ছাত্ৰ প্ৰীতম দাসে আঁতধৰা সভাখনত বিশিষ্ট সাংস্কৃতিক কৰ্মী লেহোৰাম বড়ো আৰু অৱসৰপ্ৰাপ্ত শিক্ষক যতীন্দ্ৰ নাথ দাসে ৰাধাকৃষ্ণনৰ জীৱনৰ ওপৰত আলোকপাত কৰে ।

সভাত প্ৰস্তুতি বৰ্মনে কবিতা আবৃত্তি, চুলি কলিতাই আধুনিক গীত আৰু দশম শ্ৰেণীৰ একাংশ ছাত্ৰীয়ে নৃত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে । উক্ত সভাত ছাত্ৰ ভাৰতীৰ তৰফৰ পৰা আচাৰ্য আৰু কৰ্মচাৰীসকলক ফুলাম গামোচা, কলম আৰু ডায়েৰীৰে সম্বৰ্ধনা জ্ঞাপন কৰে ।

ইপিনে শিক্ষক দিৱস উপলক্ষে তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ ভাৰতী আৰু আচাৰ্য ভাৰতীৰ মাজত অনুষ্ঠিত প্ৰীতি ফুটবল খেলখনত আচাৰ্য ভাৰতীয়ে ছাত্ৰ ভাৰতীক ২-১ গ'লত পৰভূত কৰে ।

Your Comments