চৰাইদেউত লম্পট তান্ত্ৰিক গণেশ বণিক আটক

চৰাইদেউত লম্পট তান্ত্ৰিক গণেশ বণিক আটক

চৰাইদেউ জিলাৰ সোণাৰিত শুকুৰবাৰৰ নিশা এগৰাকী সপ্তম শ্ৰেণীত অধ্যয়নৰত কিশোৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক পৰিয়ালৰ লোকে ধৰ্ষণ কৰি হত্যা কৰা বুলি আভিযোগ কৰাৰ পাছত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

পৰিয়ালৰ অভিযোগমতে যোৱা শুকুৰবাৰে ঘৰৰ ওচৰতে পূজা চাবলৈ যোৱাৰ সময়ত লম্পট ভণ্ড তান্ত্ৰিক গনেশ বণিক দাসে ভাবুকি প্ৰদান কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰে ।

কিশোৰীগৰাকীয়ে উপায়ন্তৰ হৈ আত্মহন কৰিবলৈ চেষ্টা কৰে যদিও মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা কিশোৰীগৰাকীক পুনৰ লম্পট  গনেশ বণিক দাসে ডিঙি চেপি হত্যা কৰে বুলি পৰিয়ালৰ লোকে মন্তব্য কৰে ।

চৰাইদেউত লম্পট তান্ত্ৰিক গণেশ বণিক আটক

পূৰ্বতেও লম্পট গনেশ বণিক দাসে তেনে ঘটনা কেইবাৰো সংঘটিত কৰিছে । ক্ষুব্ধ ৰাইজে হত্যাকাৰী গনেশ বণিক দাসৰ বাসগৃহ লণ্ডভণ্ড কৰি এক উত্তপ্ত পৰিস্থতিৰ সৃষ্টি কৰে ।

আজি চৰাইদেউ জিলাৰ সোণাৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিপান্তৰ ফুকনৰ নেতৃত্বত চফ্ৰাইৰ আত্মীয়ৰ গৃহত আত্মগোপন কৰি থকা অৱস্থাত আটক কৰিবলৈ সক্ষম হয় । ইফালে ক্ষুব্ধ ৰাইজে আজি সোণাৰি থানাত প্ৰতিবাদ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

তেওঁলোকৰ দাবী শীঘ্ৰে ভণ্ড তান্ত্ৰিক গনেশ বণিক দাসক ফাঁচি দিব লাগে । সোণাৰি আৰক্ষীয়ে ভণ্ড তান্ত্ৰিক গনেশক ৰঙাঘৰলৈ প্ৰেৰণ কৰে ৷
 

Your Comments