কলিয়াবৰত  মহকুমা প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস

কলিয়াবৰত  মহকুমা প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস

কলিয়াবৰ মহকুমা প্ৰশাসনৰ উদ্যোগত আজি আমবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস উদ্‌যাপন কৰা হয় ।

পুৱা ৯ বজাত শোভাযাত্ৰাৰে আৰম্ভ কৰা অনুষ্ঠানত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্জ্বালন কৰে কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগে ৷

কলিয়াবৰত  মহকুমা প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস

প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰে ভাৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰিংখাং মুছাহাৰীয়ে । অনুষ্ঠানত ৭গৰাকী কৰ্মৰত শিক্ষক আৰু ৪৫গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকক সম্বৰ্ধনা জনোৱা হয় ।

ইফালে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই পশ্চিম পূবঠৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে শিক্ষক দিৱস উদ্‌যাপন কৰে ।

কলিয়াবৰত  মহকুমা প্ৰশাসনৰ উদ্যোগত শিক্ষক দিৱস

সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি মণি মাধৱ মহন্তকে ধৰি কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে ।

Your Comments