পাঁচনৈ ছেৰফাং ব্লক বিপিএফৰ উদ্যোগত শিক্ষক দিৱস উদ্‌যাপন

পাঁচনৈ ছেৰফাং ব্লক বিপিএফৰ উদ্যোগত শিক্ষক দিৱস উদযাপন

মাজবাটৰ সুধাকণ্ঠ মুকলি মঞ্চ প্ৰাঙ্গণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় শিক্ষক দিৱস ।

তদুপলক্ষে দিনৰ ২ বজাত মুকলি সভাৰ মঞ্চ উদ্বোধন কৰে মাজবাট মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ প্ৰদীপ কুমাৰ শৰ্মাই ।

উক্ত সভাতেই ছেবাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা শিক্ষাবিদ ডঃ সপোন দুৱাৰাক জাপি, শৰাই আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।

তাৰোপৰি পাঁচনৈ ছেৰফাং সমষ্টিৰ অন্তৰ্গত প্ৰায় পাঁচ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীক ফুলাম গামোচা, কলম আদিৰে সেৱা জনায় ।

বিটিচিৰ কাৰ্যবাহী সদস্য শ্যাম চুণ্ডীয়ে আদৰণী ভাষণ প্ৰদান কৰে ।

মুকলি সভাত শিক্ষাবিদ ডঃ সপোন দুৱাৰাই শিক্ষক-শিক্ষয়িত্ৰীসকলক উদ্দেশ্যি দিয়া মনোজ্ঞ ভাষণে ৰাইজক আপ্লুত কৰে ।

Your Comments