বঙাইগাঁৱত পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ

বঙাইগাঁৱত পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ

পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদ জনাই আজি বঙাইগাঁও বিধানসভা যুৱ কংগ্ৰেছে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

বঙাইগাঁৱত পেট্ৰ'লিয়াম মন্ত্ৰীৰ পুত্তলিকা দাহ

যুৱ কংগ্ৰেছ কৰ্মীসকলে বঙাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত কাকাৰাগাঁও পঞ্চায়তৰ ঘিলাগুৰি তিনিআলিত এই পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, পেট্ৰ'ল-ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি হ্ৰাস কৰক, ধৰ্মেন্দ্ৰ প্ৰধান হায় হায় আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

প্ৰতিবাদী কাৰ্যসূচীত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ মিডিয়া কো-অৰ্ডিনেটৰ জ্যোৰ্তিময় বৈশ্য, বঙাইগাঁও যুৱ কংগ্ৰেছৰ সভাপতি মফিদুল হুছেইন আদিৰ লগতে ভালেসংখ্যক যুৱ কংগ্ৰেছৰ কৰ্মী উপস্থিত থাকে ৷ 
 

Your Comments