২৫ বছৰে সামান্য বেতনেৰে শিক্ষকতাত নিয়োজিত এগৰাকী নিঃস্বাৰ্থ শিক্ষকৰ কথা

২৫ বছৰে সামান্য বেতনেৰে শিক্ষকতাত নিয়োজিত এগৰাকী নিঃস্বাৰ্থ শিক্ষকৰ কথা

আজি গুৰু-শিষ্যৰ পবিত্র উৎসৱ শিক্ষক দিৱসত বিগত ২৫ বছৰে অনিয়মীয়া পাৰিশ্ৰামিকৰে শিক্ষকতা কৰা অভয়াপুৰীৰ নিখিল দত্তই উন্মোচিত কৰিলে একাংশ অপ্ৰাদেশীকৃত শিক্ষকৰ পৰিয়ালৰ নাজল-নাথল অৱস্থাৰ প্ৰতিচ্ছবি ।

পৰিয়ালৰ ভৰণ-পোষণৰ তাড়নাত বজাৰ সমিতিৰ মাচুল সংগ্ৰহ কৰি ধন অৰ্জন কৰিবলগা হোৱাৰ পিছতো দেশ আৰু জাতিৰ ভৱিষ্যৎ গঢ়াৰ অদম্য ইচ্ছাৰ বাবে জীৱনৰ মাজবয়সতো সেইগৰাকী শিক্ষকে চলাই গৈছে দেশৰ ভৱিষৎ গঢ়াৰ কমাৰশাল ৷ 

২৫ বছৰে সামান্য বেতনেৰে শিক্ষকতাত নিয়োজিত এগৰাকী নিঃস্বাৰ্থ শিক্ষকৰ কথা

আজি শিক্ষক দিৱস । ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি বিশ্ব বিশ্ৰুত পণ্ডিত, আজীৱন শিক্ষক ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম দিনটোত সমগ্র দেশে পালন কৰে শিক্ষক দিৱস ।

আমাৰ ৰাজ্যখনতো চৰকাৰী খণ্ডতেই হওক অথবা বেচৰকাৰী খণ্ডতেই হওক, গুৰু-শিষ্যৰ মাজত বেছ উলহ-মালহেৰে পালন কৰা হয় এই পবিত্র দিৱসটি । শিক্ষকসকলৰ নিস্বাৰ্থ পৰিশ্ৰমৰ মৰ্যাদা দিবলৈ আজিৰ দিনটোত পালন কৰা হয় শিক্ষক দিৱস ।

কিন্তু দুখৰ বিষয় যে অসমত এনে বহুসংখ্যক শিক্ষক আছে যি সকলে সু-নাগৰিক গঢ়াৰ কমাৰশালত জীৱনৰ অতি মূল্যৱান সময় অতিবাহিত কৰিলে ৷ কিন্তু আজি পৰ্যন্ত লাভ কৰিবলৈ সক্ষম নহ'ল কোনোধৰণৰ চৰকাৰী স্বীকৃতি ।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ বোৱালীমাৰীৰ নিখিল দত্তই শিক্ষকতা বৃত্তিকে ব্ৰত হিচাপে লৈ প্ৰায় ২৫ বছৰ ধৰি অনিয়মীয়া তথা সামান্য পৰিমাণৰ পাৰিশ্ৰামিকেৰে কাম কৰাৰ পিছত শিক্ষকগৰাকীৰ পৰিয়ালত নাজল-নাথল অৱস্থাই অপ্ৰাদেশীকৃত শিক্ষকৰ কৰুণ অৱস্থাৰ দিশ উন্মোচিত কৰিছে ।

২৫ বছৰে সামান্য বেতনেৰে শিক্ষকতাত নিয়োজিত এগৰাকী নিঃস্বাৰ্থ শিক্ষকৰ কথা

১৯৯৪ চনত অভয়াপুৰীৰ নিখিল দত্তই অযুত আশা লৈ অপ্ৰাদেশীকৃত বোৱালীমাৰী লক্ষ্মীনাৰায়ণ মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে যোগদান কৰিছিল । অনিয়মীয়া তথা সামান্য বেতনেৰে পত্নী আৰু দুগৰাকী কন্যা সন্তানেৰে ভৰা সংসাৰ চলোৱা কঠিন হৈ পৰিলেও পিছহুঁহকি অহা নাই এই পবিত্র বৃত্তিটোৰ পৰা ।

আৰ্থিক অনাটনৰ মাজতো শিক্ষক নিখিলে অব্যাহত ৰাখিছে জীৱন সংগ্ৰাম । আৰ্থিকভাৱে অতিশয় জুৰুলা শিক্ষকগৰাকীয়ে উপায়ন্তৰ হৈ বৰ্তমান ঘৰুৱা টিউচন আৰু অভয়াপুৰী বজাৰ সমিতিৰ মাচুল সংগ্ৰহ কৰা আদি কাম কৰি এক কঠিন সংগ্ৰামৰ মাজেৰে পৰিয়ালটো চলাই আছে যদিও শিক্ষক নিখিলে পবিত্র বৃত্তিটোকে সাৰোগত কৰি দেশৰ এজন সু-নাগৰিক গঢ়াৰ কামত নিয়োজিত কৰাৰ বাবে এক মানসিক সন্তুষ্টি লাভ কৰে ।

ৰাজ্যৰ শিক্ষা খণ্ডৰ বহু পৰিৱৰ্তন হ'ল, বহু অভিলাষী আঁচনি ঘোষণা কৰা হ'ল ৷ কিন্তু এন কোনো আঁচনিয়ে সামৰি নল'লে নিখিল দত্তৰ পৰিয়ালটোক । ৰাজ্যখনত এনে বহুসংখ্যক শিক্ষক আছে ৷

তেওঁলোকৰ পৰিয়ালবোৰক কেতিয়া চৰকাৰী আঁচনিয়ে ঢুকি পাব আজিৰ শিক্ষক দিৱসৰ দিনটোত সকলোৰে মনত উদয় হোৱা এটি জটিল প্ৰশ্ন ।

Your Comments