শিক্ষকৰ প্ৰতি শ্ৰদ্ধা জনাই ৰক্তদান ডাঁহীৰ উদীয়মান যুৱকৰ

শিক্ষকৰ প্ৰতি শ্ৰদ্ধা জনাই ৰক্তদান ডাঁহীৰ উদীয়মান যুৱকৰ

শিক্ষক দিৱসৰ দিনা শিক্ষকৰ প্ৰতি শ্ৰদ্ধা সদ্য প্ৰয়াত  বিশিষ্ট সমাজসেৱী, ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক ভূৱন চন্দ্ৰ কলিতালৈ শ্ৰদ্ধা জনাই ক্ৰিষ্টেল ভিজন এন জি অ'ৰ সহযোগত  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ব্লাড বেংকত  ৰক্তদান  কৰে প্ৰাঞ্জল ঠাকুৰীয়াই ৷

শিক্ষকৰ প্ৰতি শ্ৰদ্ধা জনাই ৰক্তদান ডাঁহীৰ উদীয়মান যুৱকৰ

উল্লেখ্য যে প্ৰাঞ্জল ঠাকুৰীয়া হৈছে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিভাগৰ মানসিক সমাজসেৱী তথা আমি অসমৰ জনগণ কাকতৰ পশ্চিম মঙলদৈৰ সংবাদদাতা ৷

শিক্ষকৰ প্ৰতি শ্ৰদ্ধা জনাই ৰক্তদান ডাঁহীৰ উদীয়মান যুৱকৰ

ৰক্তদান পৰ্বত তেওঁ উল্লেখ কৰে যে ৰক্তদান হৈছে মহান দান । যদি এই তেজৰ দ্বাৰা আন এজনৰ জীৱন বচাব পাৰি তেনে ক্ষেত্ৰত আমি সকলোৱে নিৰ্ভয়ে ৰক্তদান কৰা উচিত ।

এই ক্ষেত্রত তেওঁ ক্ৰিষ্টেল  ভিজন এন জি অ'ৰ শেখৰ মজুমদাৰ তথা আন বিষয়ববীয়াৰ লগতে ৰক্ত ভাণ্ডাৰৰ তত্ত্বাৱধায়ক ডাঃ ডাউদ আলীকো ধন্যবাদ জনায় ।

Your Comments