পৰ্যাপ্ত বৰষুণৰ অভাৱত নষ্ট শালি খেতি : বইটামাৰীত হাহাকাৰ কৃষকৰ

পৰ্যাপ্ত বৰষুণৰ অভাৱত নষ্ট শালি খেতি : বইটামাৰীত হাহাকাৰ কৃষকৰ

পশ্চিম অসমৰ বঙাইগাঁও জিলাত এইবাৰ অতি কমকৈ বৰষুণ হোৱাৰ ফলত জিলাখনৰ অইন প্ৰান্তৰ লগতে বইটামাৰী অঞ্চলত খৰাংসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে ।

পৰ্যাপ্ত বৰষুণৰ অভাৱত নষ্ট শালি খেতি : বইটামাৰীত হাহাকাৰ কৃষকৰ

বৰষুণ কম হোৱা আৰু ৰ'দৰ প্ৰকোপ বৃদ্ধি হোৱাত অঞ্চলটোৰ মলিগাঁও, শালবাৰী, আমগুৰি, দেৱানগাঁও, বাঁশবাৰী,  ধলাগাঁও, ৰসিগাঁও আদি ঠাইৰ বিভিন্ন খেতিপথাৰত শালিধানৰ খেতি ৰঙা পৰি গৈছে ।

আনহাতে, ঘাঁহ-বন গজাৰ লগতে পোক-পৰুৱাৰ উপদ্ৰৱ বৃদ্ধি পাইছে । কিছুমান মাটি ফাঁট মেলিবলৈ আৰম্ভ কৰিছে । এনে পৰিস্থিতি অব্যাহত থাকিলে অধিকাংশ কৃষকে লোকচানৰ সম্মুখীন হ'ব ।

পৰ্যাপ্ত বৰষুণৰ অভাৱত নষ্ট শালি খেতি : বইটামাৰীত হাহাকাৰ কৃষকৰ

উল্লেখ্য যে অঞ্চলটোৰ অধিকাংশ লোকেই কৃষিজীৱী । মূলত: শালিধানৰ খেতিয়ে লোকসকলৰ মূল ভাৰসা । কিন্তু এইবাৰ মূৰৰ ঘাম মাটিত পেলাই পথাৰত হাল বোৱাই, ভুঁই ৰুই এতিয়া খেতিৰ তেনে অৱস্থা দেখি হুমুনিয়াহ কাঢ়িছে বহু কৃষকে ।

পৰ্যাপ্ত বৰষুণৰ অভাৱত নষ্ট শালি খেতি : বইটামাৰীত হাহাকাৰ কৃষকৰ

এতিয়া বৰষুণৰ ওপৰত নিৰ্ভৰ কৰিছে কৃষকৰ ভৱিষ্যৎ । চৰকাৰৰ কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগে বৰ্তমানলৈকে গ্ৰহণ কৰা নাই কোনো ব্যৱস্থা ।

Your Comments